শীতল যুদ্ধৰ অবাঞ্চিত প্ৰত্যাবৰ্তন

অচিন্ত্য শৰ্মা

বিগত শতিকাৰ ৫০ৰ দশকৰ পৰা প্ৰায় ৯০ৰ দশকলৈকে পৃথিৱীৰ প্ৰতিগৰাকী শান্তিপ্ৰিয় মানুহক অনবৰতে খেদি ফুৰা এক বিষয় আছিল শীতল যুদ্ধ। এই শীতল যুদ্ধই সৃষ্টি কৰা পাৰমানৱিক অস্ত্ৰ প্ৰয়োগৰ দুৰ্ভাবনা সেইসময়ত সকলোৰে বাবে হৈ পৰিছিল দু:স্বপ্ন সদৃশ। কাৰ্যত: মানৱ সভ্যতাৰ বাবে একপ্ৰকাৰ সংকটৰ সৃষ্টি কৰিছিল এইখন শীতল যুদ্ধই, যি যুদ্ধ চলিছিল তদানীন্তন দুই মহাশক্তি আমেৰিকা বা মাৰ্কিন যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন দেশসমূহৰ গোষ্ঠী আৰু ছোভিয়েট ৰুছিয়া নেতৃত্বাধীন দেশসমূহৰ অন্য এক গোষ্ঠীৰ মাজত। উক্ত শীতল যুদ্ধ যিকোনো মুহূৰ্ততে তপত যুদ্ধলৈ পৰ্যাবসিত হোৱাৰ দু:চিন্তাই আচ্ছন্ন কৰি ৰাখিছিল প্ৰতিগৰাকী সচেতন মানুহৰ মন আৰু মগজু।

দৰাচলতে, দ্বিতীয় বিশ্বযুদ্ধই মহাশক্তিৰূপে গ্ৰেট ব্ৰিটেইনৰ সূৰ্য অস্ত নিয়াই নতুন মহাশক্তিৰূপে আমেৰিকা আৰু ছোভিয়েট ৰুচিয়াৰ উত্থান ঘটোৱা পৰিঘটনাটোৰ মাজতে লুকাই আছিল শীতল যুদ্ধৰো বীজ। দ্বিতীয় বিশ্বযুদ্ধত যদিও আমেৰিকা আৰু ৰুছিয়াই একেটা পক্ষ,মিত্ৰ শক্তিৰ অংগ হিচাপে যুঁজিছিল, নেতাজী সুভাষচন্দ্ৰ বসুৰ ভৱিষ্যতবাণীক অভ্ৰান্ত প্ৰমাণ কৰি যুদ্ধৰ পিছতেই দুয়োখন মহা শক্তিশালী দেশে পৰস্পৰ বিপৰীত মেৰুত অৱস্থান কৰিছিল আৰু উভয়ে উভয়ৰ বাবে হৈ পৰিছিল ভীষন শত্ৰু। কাৰণ বিশ্বযুদ্ধখনে ইতিমধ্যে বিশ্বত ভৌগলিক উপনিবেশবাদৰ অৱধাৰণাটোৰ অন্ত পেলাইছিল। সৃষ্টি কৰিছিল আদৰ্শগত আৰু আৰ্থিক উপনিৱেশিকতাবাদৰ নতুন এক অবধাৰণা, যি অবধাৰনাত এখন দেশে নিজৰ ৰাজনৈতিক আদৰ্শ অন্য এখন দেশৰ ওপৰত জাপি দিবলৈ অপচেষ্টা চলোৱাৰ উপৰি অপচেষ্টা চলায় আৰ্থিক আধিপাত্যৰ মাধ্যমেৰে শোষণৰ পথ মুকলি কৰিবলৈ। এয়াই নব্য উপনিবেশিকতাবাদ।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাই এনে নব্য উপনিবেশিকতাবাদৰ প্ৰতিযোগিতাত নামি পৰিছিল দুই নব্য মহাশক্তি আমেৰিকা আৰু ছোভিয়েট ৰুছিয়াই। আৰু এয়াই আছিল শীতল যুদ্ধৰো আৰম্ভনি।তাৰপিছত বহু সময় পাৰ হৈ গ’ল। বহু ৰাজনৈতিক , সামাজিক আৰু আৰ্থিক উত্থান পতন ঘটিল পৃথিবীৰ বুকুত। আৰু যোৱা শতিকাৰ ৯০ দশকৰ প্ৰথম ভাগতে যেন আহিল বৰভূঁইকপ। সম্পূৰ্ণ অপ্ৰত্যাশিতভাৱে ছোভিয়েট ৰুছিয়াৰ পতন ঘটিল। লগে লগে দেশখনৰ পৰা কমিউনিজমো উৎখাত হৈ গ’ল। সামৰিক দিশৰ পৰাও দুৰ্বল হৈ ৰুছিয়াই হেৰুৱাই পেলালে মহাশক্তিৰ মৰ্যাদা। সমান্তৰালভাৱে ৰুছ গোষ্ঠীও ভাঙি পৰিল। লগে লগে বিশ্ব হৈ পৰিল আমেৰিকাকেন্দ্ৰিক একমেৰুবিশিষ্ট আৰু হেৰাই গ’ল শীতল যুদ্ধৰ প্ৰাসংগিকতা ।

শীতল যুদ্ধৰ সমাপ্তিৰ পিছত পূ্ৰ্বৰ সমাজবাদী ছোভিয়েট দেশ বা ছোভিয়েট ৰুছিয়াৰ নতুন অৱতাৰ পুঁজিবাদী ৰুছিয়া যেন ক্ৰমাৎ আমেৰিকাৰ ওচৰ চাপিহে গ’ল। মুকলি হ’ল এক নতুন বিশ্ব শৃংখলা গঢ়ি উঠাৰ নতুন সম্ভাৱনাৰ। আমেৰিকা ৰুছিয়া, উভয়ৰে লগত নিজৰ স্বাৰ্থবৰ্তি থকা ভাৰতৰ নিচিনা দেশসমূহে স্বস্তিৰ নি:শ্বাস এৰিলে। পিছে ঘটনাক্ৰমৰ ইয়াতে অন্ত নপৰিল। ৰুছিয়াৰ নেতৃত্বলৈ ভ্লাদিমিৰ পুটিন আহি যোৱাৰ লগে লগে আকৌ এবাৰ সলনি হৈ গ’ল সমগ্ৰ দৃশ্যপট। পুটিনৰ নেতৃত্বত আকৌ এবাৰ যেন সাম্ৰাজ্যবাদী আকংখ্যা জাগি উঠিল ৰুছিয়া আৰু ৰুছবাসীৰ মাজত। পুটিন সফল হ’ল ৰুছবাসীৰ মনত পুনৰবাৰ ছোভিয়েট যুগৰ আধিপত্যবাদী দিনবোৰলৈ ঘুৰি যোৱাৰ আকাংক্ষা জগাই তোলাত। দেশখনে সামৰিক দিশেৰেও পুনৰ মহাশক্তি পথত আগবাঢ়িল দুৰ্বাৰ গতিত। যাৰ পৰিণতি ৰুছিয়াৰ পৰিৱৰ্তিত সামৰিক আচৰণ তথা বৈদেশিক আৰু চুড়ান্ত পৰিণতি আজিৰ ইউক্ৰেইন যুদ্ধ।

ইউক্ৰেইন যুদ্ধই দৃশ্যমানভাৱেই পৃথিৱীত পুনৰবাৰ দুটা শিবিৰত সৃষ্টি কৰিলে। আকৌ এবাৰ পৰস্পৰৰ বিপৰীত মেৰুত অৱস্থান কৰিলে আমেৰিকা আৰু ৰুছিয়াই। ৰাংদেহীৰূপ ল’লে দুই মহাশক্তিয়ে। উভতি আহিল পৰমানু যুদ্ধৰো প্ৰচ্ছায়া। তৎসত্বেও এই ইউক্ৰেইন যুদ্ধ এদিন শেষ হ’ব, হয়তো অহা কিছু দিনৰ ভিতৰতেই হ’ব। কিন্তু শেষ নহ’ব ইয়াৰ প্ৰতিক্ৰিয়া। আজিৰ পৰিস্থিতিলৈ চাই নি:সন্দেহে ক’ব পাৰি ইউক্ৰেইন যুদ্ধৰ পিছতেই বিশ্বত শীতল যুদ্ধৰ দ্বিতীয়টো যুগ আৰম্ভ হ’ব। প্ৰতীয়মান হ’ব যে ৰুছিয়াৰ পৰা কমিউনিজমে বিদায় ল’লেও পৃথিৱীৰ পৰা বিদায় নল’লে শীতল যুদ্ধই। হয়তো এই যুগ আৰু বহু দিন চলিব। আকৌ এবাৰ আৰম্ভ হ’ব উদ্বিগ্নতাৰে ভৰা দিনবোৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ছীটবেল্ট, হেলমেট নিপিন্ধিলে ডিপোত নাপাব তেল

গাড়ীখন বা বাইকত বাহিৰলৈ ওলাই গ'লে ছীটবেল্ট নাইবা হেলমেট...

বাইকত অহা ২ যুৱকে অপহৰণ কৰিলে মহিলাক

অপৰাধ আৰু অপৰাধীৰ নগৰীলৈহে যেন পৰ্যৱসিত হৈছে গুৱাহাটী মহানগৰী।...

মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

শীঘ্ৰে হিমন্ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব এখন নতুন মুখ। বৰাকৰ...

G-20 বৈঠকত মুখামুখি হৈ বহিল ভাৰত-চীনৰ বিদেশ মন্ত্ৰী, ৪ বছৰীয়া অচলাৱস্থাৰ অৱসান

বৰফ গলিছে ভাৰত আৰু চীনৰ মাজত। সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ...