এইবাৰ গ্ৰেমী এৱাৰ্ডত দেখা গ’ল কাহিনীও নেদেখা এক ব্যতিক্ৰমী অনুষ্ঠান

আমেৰিকাৰ নেভাডাত অনুষ্ঠিত হ’ল “৬৪সংখ্যক গ্ৰেমী বঁটা” প্ৰদান অনুষ্ঠান। প্ৰতিবছৰৰ দৰেই সংগীত শিল্পী,গীতিকাৰ তথা মিউজিক এলবামসমূহক যথোপযুক্ত সন্মান আগবঢ়াই আয়োজন কৰা হল “গ্ৰেমী বঁটা” প্ৰদান অনুষ্ঠান। কিন্তু এইবাৰ গ্ৰেমী এৱাৰ্ডত দেখা গ’ল কাহিনীও নেদেখা এক ব্যতিক্ৰমী অনুষ্ঠান। সংগীত, কবিতা আৰু বাদ্যযন্ত্ৰৰ সৈতে সহাৱস্থান কৰিলে যুদ্ধৰ অবৰ্ণনীয় গাঁথাই। গ্ৰেমীৰ বঁটা প্ৰদান আৰু বিভিন্ন কাৰ্যসূচীৰ মাজতে এই অনুষ্ঠানে লাভ কৰিলে বিশেষ চৰ্চা। আমেৰিকান গায়ক জন লেজেণ্ডৰ এক অনুষ্ঠান, অনুষ্ঠানৰ কিছুক্ষণ আগতেই পূ্ৰ্বে বাণীবদ্ধ কৰা এটা ভিডিঅ’ত দেখা গ’ল যুদ্ধই কোঙা কৰা দেশ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিক। বিশ্ববিখ্যাত গ্ৰেমী এৱাৰ্ডৰ সমূহ দৰ্শকক সম্বোধন কৰি জেলেন্স্কিৰ আহ্বান


“যিকোনো ধৰণে আমাক সমৰ্থন কৰক
আমাৰ ভূমিত যুদ্ধই ভয়ংকৰ নীৰৱতা আনিছে!
আপোনাৰ সংগীতে সেই নীৰৱতা ভংগ কৰক!”
অসহায় কণ্ঠেৰে ৰাষ্ট্ৰপতিজনে আৰু কৈ গল- “যুদ্ধ!যি সংগীতৰ সম্পূৰ্ণ বিপৰীত। আমাৰ ল’ৰা-ছোৱালীয়ে ৰকেট আঁকিছে,আঁকিছে প্ৰাণঘাটি ক্ষেপণাস্ত্ৰ,কিন্তু উৰণীয়া তৰা অঁকা নাই। ৪০০ তকৈও অধিক শিশু আঘাতপ্ৰাপ্ত হৈছে আৰু মৃত্যু হৈছে ১৫৩ টা শিশুৰ। আমাৰ ভূমিত,আমি ৰাছিয়াৰ সৈতে যুঁজি আছো,যি যুঁজে আনিছে এক ভয়ংকৰ নীৰৱতা,মৃত্যুৰ নীৰৱতা। আপোনাৰ সংগীতে সেই নীৰৱতা পূৰণ কৰক। আপোনাৰ সামাজিক মাধ্যমত,টিভিত এই যুদ্ধৰ বিষয়ে সঁচা কথা কওঁক।
“আপুনি যিকোনো ধৰণে আমাক সমৰ্থন কৰক
যিকোনো ধৰণে, মাত্ৰ নীৰৱতাৰে নহয়।”
ইয়াৰ পিছতেই আৰম্ভ হল নীৰৱতাক ভংগ কৰা সংগীত। আমেৰিকান গায়ক জন লেজেণ্ড আৰু ইউক্ৰেইনৰ কবি লিউবা য়াকিমচুকৰ সন্মিলিত সাংগীতিক তথা কাব্যিক অনুষ্ঠানে চকু সেমেকাই তুলিলে বহুতৰে।
এইদৰেই গ্ৰেমীৰ মঞ্চত বিশ্ববাসীলৈ কাতৰ অনুৰোধ ভলডিমিৰ জেলনস্কিৰ। ৬৪ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত এই অভূতপূৰ্ব কাৰ্যসূচীয়ে লাভ কৰিলে বিশেষ চৰ্চা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...