জাপানত চলি থকা E5 ৰে’ল চলিব ভাৰতত!

জাপানত চলি থকা E5 শৃংখলৰ ৰে’ল ভাৰতত চলাচল কৰিব। বুলেট ট্ৰেইনৰ বাবে ভাৰতীয় অভিযন্তাসকলে কাম ক্ষিপ্ৰ গতিত অব্যাহত ৰাখিছে। ছিভিল ৱৰ্ক, ট্ৰাকৰ কামকে ধৰি সকলো কাম ভাৰতীয় অভিযন্তাসকলে ভাৰততে সম্পন্ন কৰিছে। বাকী থকা আসোঁৱাহ বা আগন্তুক দিনৰ সমস্যাৰে মোকাবিলা কৰিবলৈ কাম অব্যাহত ৰাখিছে দক্ষ অভিযন্তাসকলে। সংসদত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। মন্ত্ৰীগৰাকীৰ মতে, ভাৰতীয় ৰেলখণ্ডক ব্যক্তিগতকৰণ কৰা নহয়। জনপ্ৰিয় ৰাজহুৱা পৰিবহন ব্যৱস্থাটোক কোনো ব্যক্তিগত খণ্ডৰ হাতত গটাই নিদিয়ে। জাপানৰ ৰেলপথত চলি থকা বুলেট ট্ৰেইন ভাৰতৰ ভূমিত চলাচলৰ সপোন পূৰণ কৰিব অভিযন্তাসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষয়িত্ৰীৰ দায়িত্বজ্ঞানহীনতাৰ চৰম পৰিণতি

কোন স্কুলত পঢ়াইছে আপোনাৰ সন্তানক? আপোনাৰ সন্তানৰ প্ৰতি দায়িত্বশীল...

GMCHৰ NICUত দেৱশিশু মৃত্যুৰ ঘটনা; ঘটনাৰ তদন্ত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ

প্ৰসংগঃ GMCHৰ NICUত দেৱশিশু মৃত্যুৰ ঘটনাৰাজ্য জোকাৰি যোৱা ঘটনাৰ...

গুৱাহাটীৰ উজানবজাৰত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

কাৰ্যনিৰ্বাহকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ১৮ মে’ত HSLC, HS উত্তীৰ্ণ শিক্ষাৰ্থীক...

বৰপেটাৰোডত জেহাদীৰ বিৰুদ্ধে NIAৰ তীব্ৰ অভিযান

​ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা ।পুৱতি...