বাঢ়িল পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ দাম! বৃদ্ধি পালে বিদ্যুতৰ মাচুলো

ক’ভিডকেন্দ্ৰিক পৰিস্থিতিয়ে অৰ্থনৈতিকভাৱে জুৰুলা কৰা অসমবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ ৰামটাঙোন চৰকাৰৰ। একেনিশাই ভিতৰতে সৰ্বসাধাৰণৰ বাজেটত লগালে আউল। অহা মাহত আপোনাৰ মাহেকীয়া বাজেটত আৰু অলপ টকা বঢ়াই লওক। বিদ্যুত মাচুলৰ পিছত এই‍বাৰ বাঢ়িল পেট্ৰ’পণ্যৰ দাম।

৪ মাহৰ মূৰত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। সোমবাৰে নিশাৰ পৰা কাৰ্যকৰী হৈছে পেট্ৰ’ল-ডিজেলৰ দাম। গুৱাহাটীত পেট্ৰ’ল বৃদ্ধি পালে ৮৮ পইচা। আনহাতে ডিজেলত বৃদ্ধি পালে ৬৯ পইচা। কেৱল পেট্ৰ’ল–ডিজেলেই নহয়, দাম বাঢ়িল ৰন্ধন গেছৰো। প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃদ্ধি পালে ৫০টকাকৈ।

সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি বিদ্যুতৰ মাচুল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ। লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি। মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ। ৰাজহ ঘাটি পূৰণ কৰিবলৈ সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি বিদ্যুতৰ মাচুল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

একপক্ষীয় প্ৰেমৰ জিঘাংসাৰ বলি হ’ল নেকি মায়া?

গুৱাহাটীৰ মেধাবী ছাত্ৰী, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনীয়েক...

হ’ব পাৰে বিপদ! ৰে’লত যাত্ৰা কৰাৰ সময়ত কেতিয়াও নকৰিব এই কাম

ৰে’ল যাত্ৰাৰ সময়ত ৰাখিব নোৱাৰিব দাহ্য পদাৰ্থ। যাত্ৰীৰ পৰা...

ঢকুৱাখনাৰ সাপতিয়া গাঁৱত উদ্ধাৰ এটা ছিন্ন মুণ্ড, উদ্ধাৰ হোৱা ছিন্ন মুণ্ডতো ধুবুৰীৰ জাহাংগীৰ হুছেইনৰ নেকি?

আকৌ চৰ্চালৈ আহিছে ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ড। হত্যাকাণ্ড হোৱা স্থানৰ...