বংগোপ সাগৰত কিয় মৃত্যু ঘটিছে লাখ লাখ মাছৰ?

বংগোপসাগৰত ঘটিছে ৰহস্যজনক পাৰিপাৰ্শ্বিক বিপৰ্যয়। বাংলাদেশৰ কক্সবাজাৰ সমুদ্ৰ উপকূলত হঠাৎ আহি পৰিছে লাখ লাখ মৃত মাছ। সমুদ্ৰৰ পৰা ঢৌত উটি আহি উপকূলৰ ভূপৃষ্ঠত আহি পৰা এই মৃত মাছসমূহৰ আটাইবোৰ সৰু প্ৰজাতিৰ। শনিবাৰৰ সন্ধিয়াৰ পৰাই এই মৰা মাছ ভাহি অহা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল যদিও দেওবাৰৰ পৰা সোমবাৰৰ ভিতৰত প্ৰক্ৰিয়াটো তৰান্বিত্ব হৈ উঠে। ইতিমধ্যে সমুদ্ৰ উপকূলত উৎসুক জনতাই প্ৰচণ্ড ভিৰ কৰা পৰিলক্ষিত হৈছে। বহুতে মাছসমূহ সংগ্ৰহো কৰিছে। এই মাছ স্থানীয় বাসিন্দাসকলৰ মাজত চামিলা বুলি পৰিচিত। কিয় এনেদৰে ইমান ব্যাপক মাত্ৰাত মাছসমূহ মৰিছে সেয়া এতিয়াও স্পষ্ট নহয় যদিও এয়া এক প্ৰদূষণ বা পাৰিপাৰ্শ্বিক বিপৰ্যয় বুলিয়েই প্ৰাৰম্ভিকভাৱে ধাৰণা কৰা হৈছে। আৰু এই বিপৰ্যয় যদি গভীৰ হয়, তেনেহ’লে ই যে বংগোপসাগৰীয় উপকূলৰ আৰু একাধিক দেশক ক্ষতিগ্ৰস্ত কৰিব সেয়াও নিশ্চিত হৈ উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৫ বছৰ সম্পূৰ্ণ হ’ব 9/11 আক্ৰমণৰ: কিয় আজিও বিচাৰলৈ অহা নাই খালিদ শ্বেখ মহম্মদ?

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত 9/11 আক্ৰমণৰ ২৫...

নেপালৰ বিধ্বংসী বান: ২৯০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন, উদ্ধাৰ অভিযান অব্যাহত

নেপালত সংঘটিত হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...

নেপালৰ প্ৰলয়ংকৰী বান: সন্ধানহীন বহু ভাৰতীয় আৰু পৰ্যটক

নেপালত শেহতীয়াকৈ হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...