ভিন্নৰঙী আবিৰৰ ৰং, হোলী গীতৰ মূৰ্ছনাৰে ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ। সত্ৰনগৰী বৰপেটা, মাজুলী, বটদ্ৰৱাই নহয়, আন আন প্ৰান্ততো দৌল মহোৎসৱক লৈ ব্যাপক উছাহ। হোলী গীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে চৌদিশ।

আন দিনাৰ দৰে হোলীৰ দিনাও গুৱাহাটীত চলিল অভিযান। সুৰা সেৱন কৰি ফাকুৱা উদযাপন কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে অভিযান। কেইবাজনো আৰক্ষীক জৰিমনা বিহিলে আৰক্ষীয়ে।

পিছ পৰি নাথাকিল শোণিতপুৰ আৰক্ষীও। হোলীৰ সময়ত সুৰক্ষিত ড্ৰাইভিং নিশ্চিত কৰাৰ এক প্ৰচেষ্টাৰূপে আৰক্ষীয়ে চলালে অভিযান। দুৰ্ঘটনামুক্ত শোণিতপুৰ গঢ়াৰ বাবে ৰাজপথত চলিল অভিযান।

আন আন জিলাৰ দৰে কৰিমগঞ্জতো চলিল অভিযান। সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ যাতে ক্ষতি নহয় তাৰ বাবে কঠোৰ পদক্ষেপ অৱলম্বন কৰে আৰক্ষীয়ে।