বৃদ্ধি কৰা হৈছে কাশ্মীৰ ফাইলছৰ পৰিচালকৰ নিৰাপত্তা, CRPF-এ নিৰাপত্তা দিব অগ্নিহোত্ৰীক

বৃদ্ধি কৰা হৈছে কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ। এতিয়াৰে পৰা Y কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰা হব জনপ্ৰিয় পৰিচালকগৰাকীক। CRPF-এ সমগ্ৰ দেশতে নিৰাপত্তা প্ৰদান কৰিব বিবেক অগ্নিহোত্ৰীক। উল্লেখ্য যে, মুক্তিৰ পূৰ্বে বিশেষ চৰ্চা লাভ নকৰা চিনেমাখনে ঈৰ্ষণীয় সাফল্য লাভ কৰিছে। বৰ্তমানলৈ চলচ্চিত্ৰখনে ১০০ কোটি ক্লাবত প্ৰৱেশ কৰিছে।

প্ৰায় ১০৭ কোটি টকাৰো অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে চিনেমাখনে। কাশ্মীৰী পণ্ডিতসকলৰ জীৱনৰ পটভূমিত নিৰ্মিত চিনেমাখন মুক্তিৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে। বিজেপিৰ সমৰ্থকে চলচ্চিত্ৰখনক উচ্চ প্ৰশংসা কৰাৰ বিপৰীতে একাংশই ঘোৰ বিৰোধিতা কৰিছে চিনেমাখনৰ। কেৱল তৃণমূল বা চলচ্চিত্ৰপ্ৰেমীয়েই নহয়, সংসদতো এই বিষয়ক লৈ সৰৱ আলোচনা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...