২ শতাধিক লোকে এফালৰ পৰা লণ্ডভণ্ড কৰিলে ইস্কন মন্দিৰ, বাংলাদেশত ভয়ংকৰ ঘটনা

প্ৰায় ২ শতাধিক লোকে ভাঙি লণ্ডভণ্ড কৰিলে ISKCON ৰাধাকান্ত মন্দিৰ। বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ভাৰতত দেশজুৰি হোলী বা ফাকুৱা উদযাপনৰ সময়তে চুবুৰীয়া বাংলাদেশত হিন্দুৰ মন্দিৰৰ ওপৰত আক্ৰমণ চলিছে। ঢাকাৰ ২২২ লালমোহন সাহা ষ্ট্ৰীটস্থিত ৱাৰিত আছিল এই ইস্কন মন্দিৰটো। হাজি ছফিউল্লা নামৰ এজনৰ নেতৃত্বত চলিছিল এই ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত ৩জন লোক গুৰুতৰভাবে আহত হৈছে। আহত সুমন্ত্ৰ চন্দ্ৰ শ্ৰাৱন, নিহাৰ হালদাৰ, ৰাজীৱ ভদ্ৰ গুৰুতৰভাবে আহত হৈছে। যোৱা বছৰো বাংলাদেশত দুৰ্গা পূজা মণ্ডপত আক্ৰমণ কৰি ৩জন লোকক হত্যা কৰিছিল দুৰ্বৃত্তই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...