ইউক্ৰেইনৰ পৰা ঘূৰি অহা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

ইউক্ৰেইনৰ পৰা ঘূৰি অহা ছাত্ৰ-ছাত্ৰীয়ে কিদৰে শেষ কৰিব পাঠ্যক্ৰম? চিকিত্সা বিজ্ঞান অধ্যয়ন কৰিবলৈ বহু শিক্ষাৰ্থী ইউক্ৰেইনলৈ ৰাওনা হয়। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে আধাতে অধ্যয়ন সামৰি স্বদেশলৈ ঘূৰি আহিবলগীয়া হয় হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। এনে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ আশংকাত ভুগিছে অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকল। এনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেডিকেল ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰিব পশ্চিম বংগ চৰকাৰে। চৰকাৰী মেডিকেল কলেজসমূহত ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰিব চৰকাৰে। একেসময়তে সকলোৱে নামভৰ্তি কৰিব বিচাৰিলে পৰ্যায়ক্ৰমে নামভৰ্তিৰ সুযোগ দিব। ইণ্টাৰ্নশ্বিপৰ সময়ত বিশেষ ভাট্টাও প্ৰদান কৰিব চৰকাৰে। প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ বাবে বিশেষ ব্যৱস্থা কৰিব লগীয়া হ’ব পাৰে। দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীক নামভৰ্তিৰ বাবে মেডিকেল কমিছনৰ অনুমতিৰ প্ৰয়োজন হব পাৰে। মেডিকেল কমিছনে অনুমতি দিলে বেচৰকাৰী মেডিকেল কলেজতো নামভৰ্তিৰ ব্যৱস্থা কৰিব চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...