দিল্লীলৈ কোন? বাবুল সুপ্ৰিয়ৰ বিৰুদ্ধে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব?

বাবুল সুপ্ৰিয় পশ্চিম বংগ ৰাজনীতিৰ এজন চৰ্চিত নাম। মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে বিজেপি ত্যাগ কৰি যোগ দিছিল তৃণমূল কংগ্ৰেছ দলত। বালিগঞ্জ সমষ্টিৰ সাংসদ পদৰ পৰা পদত্যাগৰ পিছতে খালী হৈ আছিল আসনখন। উপ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে পুনৰ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। সংগীত শিল্পীৰ পৰা ৰাজনীতিত নমা বাবুলৰ বিৰুদ্ধে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে চাইৰা হালিমক। চাইৰা হালিম হৈছে নাছিৰুদ্দিন শ্বাহৰ আত্মীয়। আনহাতে, চাইৰা হৈছে আৰ্মী ষ্টাফৰ ডেপুটি চীফ তথা লেফটেণ্ট জেনেৰেল জমিৰ উদ্দিন শ্বাহৰ কন্যা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ আন্দোলন গঢ়ি তুলিছিল চাইৰাই। আনহাতে, আছানছোন সমষ্টিটোক লৈও সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। আছানছোলত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অভিনেতা শত্ৰুঘ্ন সিনহাক। অভিনেত্ৰী সোণাক্ষী কন্যাৰ পিতৃ শত্ৰুঘ্নই পূৰ্বে বিজেপি দলত আছিল যদিও পিছত দল সলনি কৰি তৃণমূলক আকোৱালি লৈছিল। খালী হৈ থকা আছানছোল সমষ্টিত সিনহাক প্ৰক্ষেপ কৰিছে মমতা বেনাৰ্জীৰ দল তৃণমূলে। ভতিজাক অভিষেক বেনাৰ্জীক আঁতৰাই মমতাই ঘোষণা কৰিছিল যে আছানছোলত বাহিৰৰ এগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ইফালে সিনহাৰ বিৰুদ্ধে CPI(M)-এ থিয় কৰাইছে পাৰ্থ মুখাৰ্জীক। আনহাতে, এতিয়াও প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই বিজেপিয়ে। উপ নিৰ্বাচনৰ অহা ১২ এপ্ৰিলত ভোটগ্ৰহণ হোৱাৰ বিপৰীতে ১৬ এপ্ৰিলত ভোটগণনা অনুষ্ঠিত হব। উল্লেখ্য যে, এটা সমষ্টিত বাবুল সুপ্ৰিয়ই পদত্যাগ কৰাৰ বিপৰীতে আনটো সমষ্টিত সুব্ৰত মুখাৰ্জীৰ পৰলোক প্ৰাপ্তি ঘটিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...