পোলেণ্ডৰ সুন্দৰীয়ে জিনিলে মিছ ৱৰ্ল্ডৰ খিতাপ। প্ৰথম আৰু দ্বিতীয় স্থানত থাকিল কোন?

পোলেণ্ডৰ সুন্দৰীয়ে জিনিলে মিছ ৱৰ্ল্ডৰ খিতাপ। ২০২২ৰ মিছ ৱৰ্ল্ড পোলেণ্ডৰ কেৰলিনা বিয়েলাওস্কা। সকলো প্ৰতিযোগীক চেৰ পেলাই শ্ৰেষ্ঠত্ব পোলেণ্ডৰ সুন্দৰীৰ। দ্বিতীয় স্থানত থাকিল আমেৰিকাৰ সুন্দৰী শ্ৰী চাইনী।

আনহাতে, Côte d’Ivoireৰ সুন্দৰী অলিভিয়া য়েচে দখল কৰে তৃতীয় স্থান। এই অনুষ্ঠানত গীত পৰিৱেশন কৰে যোৱাবাৰৰ বিজয়ী টনি এন সিঙে। The Prayer as we light candles around the world to stand with Ukraine. Not a dry eye in the arena বাণীৰে সকলোৱে একত্ৰিত হয় অনুষ্ঠানত।

উল্লেখ্য যে এইবাৰ ভাৰতীয় সুন্দৰী মানসা বাৰানসীয়ে শীৰ্ষ ১৩তে থমকি ৰয়। শীৰ্ষ ১৩ত ভাৰতৰ সৈতে আছিল ভিয়েটনাম, মেক্সিকো, নৰ্থাৰ্ড আয়াৰলেণ্ড, ফিলিপাইনছ, পোলেণ্ড, ছোমালিয়া, আমেৰিকা, কলম্বিয়া, চেক গণৰাজ্য, ফ্ৰান্স, কোটে ডি আইভৰি আৰু ইণ্ডোনেছিয়াৰ সুন্দৰী।

শীৰ্ষ ১৩গৰাকীৰ মাজৰ পৰা ছগৰাকী সুন্দৰীক ফাইনললৈ বাচনি কৰা হৈছিল। শীৰ্ষ ৬ত স্থান পাইছিল আমিৰেকা, পোলেণ্ড, ইণ্ডোনেছিয়া, মেক্সিকো, কোটে ডি আইভৰি আৰু নৰ্থাৰ্ড আয়াৰলেণ্ডৰ সুন্দৰীয়ে।

প্ৰণিধানযোগ্য যে, টেলেণ্ট ৰাউণ্ড শাখাত শ্ৰেষ্ঠ ৰূপে বিবেচিত হয় মংগোলিয়াৰ সুন্দৰীয়ে। মিছ ৱৰ্ল্ডৰ ৭০সংখ্যক অনুষ্ঠান পোৱেৰ্টো ৰিকোত অনুষ্ঠিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...