ঢোলৰ গুমগুমণিয়ে এতিয়া কঁপিব ৰাজ্যৰ চৌপাশ, কিয়নো হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ এটা মাহ!

ৰঙালীক আদৰৰ ব্যাপক আয়োজন চলিছে ৰাজ্যজুৰি, তাৰ সমানে সমানে তিতাবৰ আৰু যোৰহাটতো সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে ঢোল বিক্ৰী আৰু মেৰামতি কৰা শিল্পীসকলৰ মাজত।

দুটা বছৰ কোভিড মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ পাছত এইবাৰ ৰাজ্যবাসীয়ে দুগুণ উৎসাহেৰে উদযাপন কৰিবলৈ ওলাইছে বাপতি সাহোন ৰঙালী বিহুটি।

ঢুলীয়াৰ ঢোলৰ চেৱত এপাক কঁকাল ঘূৰাই নাচিবলৈ সাজু নাচনী।