বাঁহ কঢ়িওৱা ট্ৰাকত নিছিল ৪০ লাখ টকাৰ চেগুন কাঠ, জালত দুজন

বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠসহ ট্ৰাক জব্দ। পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰ হৈ বহিঃৰাজ্যলৈ সৰবৰাহ হৈছে মূল্যবান চোৰাং চেগুন কাঠ। শিমলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত অসম আৰক্ষী আৰু CRPFৰ অভিযানত গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত এখন ট্ৰাক জব্দ। ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ পৰা কলিকতালৈ গৈ থকা ১৪ চকীয়া ট্ৰাকখন আটক কৰি তালাচী কৰাৰ পিছত ৰহস্য ভেদ হয়।

বাঁহ কঢ়িওৱা BR 06GC – 5890 নম্বৰৰ ট্ৰাকৰ ভিতৰত চোৰাংকৈ অনা বৃহৎ পৰিমাণৰ চেগুন কাঠ কঢ়িয়াই নিছিল। ট্ৰাকত অনা বাঁহৰ ভিতৰত আছিল ৪০ লাখ টকাৰ চেগুন কাঠৰ বাটাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...