ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত সাদেক বড়ো

ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। তামুলপুৰৰ দেৱী নগৰত শোকাৱহ পথ দুৰ্ঘটনা। তামুলপুৰৰ চেঁচাপানী দিশৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় হৰতোলা গাঁৱৰ মেলকী সাদেক বড়ো নামৰ ২৩ বছৰীয়া যুৱকজন। লগতে গুৰুতৰভাবে আহত হয় পাটকীজুলি গাঁৱৰ অবিনাশ বসুমতাৰী নামৰ আন এজন ২৪ বছৰীয়া যুৱক। আহত লোকজনক ভৰ্তি কৰোৱা হয় কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত। উল্লেখ্য যে, As-01- BY- 8125 নম্বৰৰ এখন বাহনেৰে গৈছিল লোক দুজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...