পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰত ভাৰতীয় মিছাইল

পাকিস্তানৰ ভূমিত পৰিল ভাৰতীয় মিছাইল। ভাৰতীয় মিছাইলে পাকিস্তানৰ আকাশমাৰ্গৰ ১০০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে দুই দেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। তাৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে স্পষ্ট কৰিলে নিজৰ স্থিতি। দুৰ্ঘটনাবশতঃ মিছাইলটো পাকিস্তানত প্ৰৱেশ কৰা বুলি জনায় প্ৰতিৰক্ষা মন্ত্ৰালয়ে। ৯ মাৰ্চত সংঘটিত হৈছিল এই অপ্ৰত্যাশিত ঘটনা। নিয়মীয়া তদাৰকীৰ সময়ত কাৰিকৰী বিজুতিৰ বাবেই মিছাইলটো নিক্ষেপ হোৱা বুলি সদৰী কৰিছে কেন্দ্ৰই। এক বিবৃতিযোগে ঘটনাক দুখজনক আখ্যা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ। এই ঘটনাৰ পিছতে এক উচ্চ পৰ্যায়ৰ তদন্তও ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে ভাৰতৰ মিছাইলৰ আঘাতত পাকিস্তানৰ কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। আনহাতে পাকিস্তানে দাবী কৰা মতে শব্দতকৈ প্ৰায় তিনি গুণ বেগত অহা মিছাইলটোৱে পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰে। এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে ভৱিষ্যতে এনে অসাৱধানতাৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দিয়ে ইছলামাবাদে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...