আৰক্ষীৰ জালত ৪ গভাইত তেল চোৰ, এতিয়াও আত্মগোপন খলনায়কৰ

নগাঁও আৰক্ষীৰ জালত চাৰি গভাইত তেল চোৰ ৷ ধৃত তেলচোৰ কেইটা ডিব্ৰুগড়ৰ নিকুৰঞ্জন গগৈ, তিনিচুকীয়াৰ নৰেন বৰা, ইন্দ্ৰজিৎ চুতীয়া আৰু নগাঁৱৰ প্ৰণৱ শইকীয়া ৷ এই তেল চুৰি চক্ৰটোয়ে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে নগাঁও বাইপাছৰ কৃষ্ণাইখাটত অইল ইণ্ডিয়াৰ খাৰুৱা তেল পৰিবাহী পাইপ কাটি চুৰি কৰিছিল তেল ৷ পিছত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৯ত ৰুজু হোৱা ২৪৩/২০২২ নম্বৰ গোচৰৰ তদন্ত কৰি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গভাইত তেল চুৰি চক্ৰটোক। ইফালে তেল চুৰি চক্ৰটোক নেতৃত্ব দিয়া অপৰাধীটোয়ে মেঘালয়ত আত্মগোপন কৰাৰ তথ্যও লাভ কৰিছে নগাঁও আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...