ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এ জি পেৰাৰিভালনক জামিন

উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এ জি পেৰাৰিভালনক জামিন প্ৰদান কৰে। পেৰাৰিভালন জামিনৰ বাবে যোগ্য হয় নে নহয় সেই বিষয়টো শীৰ্ষ আদালতৰ বিবেচনাধীন আছিল কিয়নো ৰাজ্যপালে এতিয়াও কাৰাগাৰৰ পৰা মুক্তি বিচৰা তেওঁৰ আবেদনৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত এখন বিচাৰপীঠে কয় যে – যিহেতু তেওঁ ইতিমধ্যে ৩০ বছৰতকৈও অধিক সময় ধৰি কাৰাগাৰত কটাইছে, সেয়েহে অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজৰ তীব্ৰ বিৰোধিতা স্বত্বেও তেওঁ জামিনৰ যোগ্য বুলি আমি বিবেচনা কৰো”।

ন্যায়াধীশ বি আৰ গাভাইক লৈ গঠিত বিচাৰপীঠখনে উল্লেখ কৰে যে, পেৰাৰিভালনৰ ৩২ বছৰ কাৰাবাস ৰখাৰ বিষয়ে কোনো বিবাদ নাই আৰু আদালতক জনোৱা হৈছিল যে, তেওঁক আগতে দুবাৰ পেৰলত মুকলি কৰা হৈছিল।

পেৰাৰিভালনে কৈছিল যে, ৰাজ্যপালে এতিয়াও ৰেহাইৰ বাবে তেওঁৰ প্ৰাৰ্থনাৰ বিষয়ে সিদ্ধান্ত লোৱা নাই আৰু পলম হোৱাটো জামিনৰ ভিত্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু...

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...