নাৰী দিৱসৰ দিনাই অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ উত্তাল প্ৰতিবাদ

আজি আন্তৰ্জাতিক নাৰী দিৱস৷ নাৰী দিৱসৰ দিনাই CITUৰ সহযোগত প্ৰতিবাদত নামিল অংগনবাড়ী কৰ্মী আৰু সহায়িকা। উল্লেখযোগ্য যে, অঙ্গনবাড়ী কৰ্মীৰ বিভিন্ন দাবী ৰূপায়ণ কৰাৰ উদ্দেশ্যে নলবাৰী চহৰৰ CITUৰ কাৰ্য্যালয়ৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয় হৈ বড়ো মহজিদ হৈ নলবাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখলৈ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে মহিলাসকলক ৮ মাৰ্চত বিশেষ চুটিৰ ব্যৱস্থা, কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তৰ জৰিয়তে স্মাৰক প্ৰত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। ইফালে আজিৰ এই প্ৰতিবাদত প্ৰায় সহস্ৰাধিক মহিলা উপস্থিত থাকি আজিৰ বিশেষ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰে বুলি মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু...

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...