ত্ৰিকোণীয়া প্ৰেমৰ পৰিণতিত হত্যাৰ বলি ফাইজুৰ ৰহমান

ত্ৰিকোণীয়া প্ৰেমৰ পৰিণতিত হত্যাৰ বলি হোৱা কলেজীয়া ছাত্ৰ ফাইজুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সোমবাৰে স্থানীয় লোকে জ্বলাই দিয়ে ফাইজুৰৰ প্ৰেমিকা ৰাজানা আহমেদ আৰু হত্যাকাৰী বুলি অভিযুক্ত নিজামউদ্দিনৰ বাসগৃহ।

লাহৰীঘাটত এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ। আনকি ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়েও হৈ পৰে অসহায়।

আনিছুৰ ৰহমানৰ আত্মসমৰ্পণৰ পিছতে উদ্ধাৰ হৈছিল ফাইজুৰ ৰহমানৰ মৃতদেহ। ফাইজুৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে ঘাতক প্ৰেমিকা ৰাজনা আহমেদৰ বাসগৃহ জ্বলাই দিয়ে উত্তেজিত জনতাই।

উল্লেখ্য, ৰহস্যময়ী ৰাজানা আহমেদে পুৰণি প্ৰেমিক বৰচিলা মহাবিদ্যালয়ৰ ছাত্ৰ ফাইজুৰ ৰহমানক ফোনযোগে মাতি নি আনিছুৰ ৰহমানৰ লগত মিলি অপহৰণ কৰি হত্যা কৰিছিল।

হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল আনিছুৰ ৰহমান। ৰাজানা আহমেদৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু আনিছুৰ ৰহমানৰ আত্মসমৰ্পণৰ পিছত পাটিদৈয়া বিলত ১০ দিনৰ পিছত উদ্ধাৰ হয় ফাইজুৰৰ মৃতদেহ।

আনিছুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে ফাইজুৰৰ মৃতদেহ। হত্যাকাৰী বিবাহিত যুৱক আনিছুৰক কঠোৰ শাস্তিৰ দাবী স্থানীয় ৰাইজৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আজি মহাশিৱৰাত্ৰি, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ৰুদ্ৰদেৱক পূজিছে ভক্তই

আজি মহাশিৱৰাত্ৰি। শিৰে অৰ্ধ চন্দ্ৰমা, কণ্ঠে হলাহল। ব্যাঘ্ৰচৰ্ম পৰিয়া,...

এডভান্টেজ আছাম ২.০ সম্মিলনে বিকাশ আৰু সুযোগৰ নতুন যুগৰ সূচনা কৰিবঃ মুখ্যমন্ত্রী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভান্টেজ আছাম ২.০ সম্মিলন...

তেল-গেছৰ অন্বেষণ আৰু উৎপাদনত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বেদান্ত গ্ৰুপে

গ্ৰুপ কোম্পানী কেয়াৰ্ন অইল এণ্ড গেছে অসমত তেল আৰু...

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ৮ সহস্রাধিক শিল্পীয়ে প্রদর্শন কৰিলে ঝুমইৰ নৃত্য

'ঝুমইৰ বিনন্দিনী' শীর্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ চাহ...