প্ৰকাণ্ড নাহৰফুটুকীৰ আক্ৰমণত আহত দুই ভাতৃ

বাঘৰ আক্ৰমণত আহত দুই ভাতৃ। প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ আক্ৰমণত এজনৰ অৱস্থা গুৰুতৰ । টিংখাঙত বাঘৰ আক্ৰমণত আহত হৈছে দুগৰাকী ভাতৃ।

প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত এজনৰ অৱস্থা গুৰুতৰ। টিংখাঙৰ দিল্লীবাৰীৰ লংবৈ নহোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা । গাঁওখনৰ চুটু গঞ্জু নামৰ লোকজনৰ দুই পুত্ৰ বিনোদ গঞ্জু আৰু সুনীল গঞ্জুক আক্ৰমণ কৰে বাঘে। আহত দুই যুৱকক ৰাজগড় সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱাই ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে সুনীলৰ অৱস্থা অধিক গুৰুতৰ। মূৰত, কপালত, হাতত বাঘে আক্ৰমণ কৰি আহত কৰিছে যুৱক দুজনক।

নিশাই ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লোকে পিঞ্জৰা পাতি বাঘ ধৰাৰ ব্যৱস্থা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...