এইবাৰ ঘৰতে লাভ কৰিব ডিজেল!

এইবাৰ ঘৰতে লাভ কৰিব ডিজেল ৷ ইণ্ডিয়ান অইল কৰ্পৰেচনে লৈছে এই উদ্যোগ। এপ ভিত্তিক ড’ৰষ্টেপ ডিজেল বিতৰণ সেৱা প্ৰদানকাৰী হমচফৰ ইণ্ডিয়া আৰু ওকাৰা ফিউল’জিক্সৰ সহযোগিতাত মুম্বাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলত এই পৰীক্ষামূলক সেৱা আৰম্ভ হৈছে৷ ইতিমধ্যে পুনে, নাগপুৰ, থানে, নাছিক, ঔৰংগাবাদ, নৱী মুম্বাই, চোলাপুৰৰ লগতে মহাৰাষ্ট্ৰৰ আন বহুতো চহৰত ঘৰে ঘৰে ডিজেল যোগান ধৰাৰ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছে। ইয়াৰ লগতে গোৱা, কৰ্ণাটক আৰু গুজৰাটলৈ ঘৰে ঘৰে ডিজেল যোগান ধৰা সেৱা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে। ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ জীৱন-যাপন প্ৰণালী সহজ কৰি তোলাৰ লক্ষ্য ইণ্ডিয়ান অইল কৰ্পৰেচনৰ। সুৰাৰ পিছত এইবাৰৰ পৰা ঘৰে ঘৰে লাভ কৰিব ডিজেল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...