ৰে’লত যাত্ৰাৰ সময়ত ভুলতো নকৰিব এইসমূহ কাম…

ৰে’ল যাত্ৰাৰ সময়ত ৰাখিব নোৱাৰিব দাহ্য পদাৰ্থ। যাত্ৰীৰ পৰা দাহ্য পদাৰ্থ জব্দ কৰিলে সন্মুখীন হ’ব শাস্তিৰ। নিয়ম নামানিলে হ’ব পাৰে ৩ বছৰৰ কাৰাদণ্ড। ইয়াৰ লগতে ৩ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব পাৰে ৰে’লযাত্ৰীয়ে। ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীয়ে লগত ৰাখিব নোৱাৰিব কেৰাচিন, দিয়াচলাই, ষ্টোভ। ইয়াৰ লগতে শুকান ঘাঁহ, ফটকা ৰখাটো নিষিদ্ধ ৰে’লত। আনহাতে ৰে’লত চিগাৰেট, বিড়ি হুপা সম্পূৰ্ণৰূপে নিষিদ্ধ। ৰে’লত যাত্ৰাৰ সময়ত নিব নোৱাৰিব পেট্ৰ’ল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰে’লত অগ্নিকাণ্ডৰ ঘটনা ৰোধৰ বাবে কঠোৰ ৰে’ল প্ৰশাসন। ৰে’ল অধিনিয়ম ১৯৮৯ৰ ধাৰা ১৬৪ৰ অধীনত এয়া দণ্ডনীয় অপৰাধ। ১৬৪ ধাৰাৰ অধীনত বিভিন্ন শাস্তিৰ বিধান আছে ৰেলযাত্ৰীৰ ওপৰত। সেয়েহে, ৰে’ল যাত্ৰাৰ সময়ত ভুলতো নকৰিব এইসমূহ কাম। অন্যথা ৩ হাজাৰ টকাৰ জৰিমনা ভৰিব লগীয়া হব পাৰে যাত্ৰীয়ে। আনহাতে দোষী সাব্যস্ত হ’লে ৩ বছৰপৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে ৰে’ল যাত্ৰীৰ। ভাৰতীয় ৰে’লে এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট। বেছিভাগ সময়তে যাত্ৰীৰ অসাৱধানতাৰ বাবে সংঘটিত হৈ আহিছে অঘটন। সকলো ৰে’লযাত্ৰীক নিয়ম মানি চলিবলৈ আহ্বান ৰে’ল মন্ত্ৰণালয়ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...