বিশ্ব-সুন্দৰী প্ৰতিযোগিতাত শীৰ্ষত উজ্বলিল অসমৰ সাগৰিকা কাকতি বৰুৱা

নাৰী সবলীকৰণ আৰু স্বাৱলম্বিতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰি বিশ্বৰ সৌন্দৰ্যৰ মঞ্চত জিলিকিল অসমৰ জীয়ৰী সাগৰিকা কাকতি বৰুৱা। বিশ্বৰ ভিতৰতে অত্যাধুনিক আৰু ৰাজকীয় ৰাষ্ট্ৰ ইউনাইটেড আৰব এমিৰেটচ্(UAE) ডুবাইত শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতা মিছেছ্ ইউনিভাৰ্চ ইউ এ ই ২০২১ৰ শীৰ্ষ ৰানাৰ-আপ্ বিশ্ব-সুন্দৰী খিতাপ অৰ্জন কৰি অসমবাসীক গৌৰৱান্বিত কৰিলে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা নগাঁৱৰ বোৱাৰী সাগৰিকাই।

মিছেছ্ ইউনিভাৰ্চ ইউ এ ই বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতাৰ মঞ্চত অসমীয়া জাতীয় সাজ-পাৰ মেখেলা-চাদৰ পৰিধান কৰি হাতত শৰাই লৈ অসমীয়া বোৱাৰীৰ পূৰ্ণাংগ ৰূপেৰে ৰেম্পত খোজ দি বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমবেত হাজাৰ হাজাৰ দৰ্শকক পলকতে মোহাচ্ছন্ন কৰি তুলিছিল অসম কন্যা সাগৰিকা কাকতিয়ে।

অসমৰ চহকী হাতে-বোৱা চাদৰ-মেখেলা আৰু সাগৰিকাৰ ৰূপ-লাবন্যত বহু সময় ধৰি বাজি উঠিছিল দৰ্শকৰ বিপূল হাতচাপৰি আৰু অৱশেষত জাৰ্মান, ছাইবেৰীয়া, ইৰাণ, পাকিস্তান, ব্ৰাজিল, ইউ-কে আৰু ৰাছিয়া আদিকে ধৰি বিশ্বৰ মুঠ ২৫ খন দেশৰ পৰা নিৰ্বাচিত হোৱা ২৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত অসমৰ মেখেলা-চাদৰ পৰিহিতা সাগৰকাই আজুৰি আনিলে প্ৰথম ৰানাৰ-আপৰ শ্ৰেষ্ঠত্বৰ গৌৰৱ।

প্ৰায় ১৪ বছৰ ধৰি ডুবাইত বসবাস কৰি অহা সাগৰিকা এগৰাকী তিনি বছৰীয়া কন্যা সন্তানৰ মাতৃ। অসমৰ চাহৰ কথা সততে বিদেশত কৈ ভাল পোৱা সাগৰিকাই নিজৰ অনুভৱ ব্যক্ত কৰি কয়, “বিদেশত থাকি অসমৰ কৃষ্টি-সংস্কৃতি তথা জাতীয় ভাৱধাৰাক বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সৈতে বিনিময় কৰিবলৈ পাই নিজকে সৌভাগ্যবান যেন অনুভৱ হৈছে।”উল্লেখযোগ্য যে, মিছেছ ইউনিভাৰ্চ ইউ এ ইৰ খিতাপ অৰ্জন কৰিলে জাৰ্মানীৰ বিশ্ব সুন্দৰী মিছেছ্ মেৰিনা ভন লিজাই।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...