মাতৃৰ উমাল বুকুৰ মাজৰ পৰা কাঢ়ি নি কণমানিক হত্যা কৰিলে কামাল উদ্দিনে

কাছাৰ জিলাৰ ধলাইত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাতৃৰ কোলাৰ পৰা ৩ বছৰীয়া সন্তানক কাঢ়ি নি দাৰে ঘপিয়াই হত্যা কৰিলে কামাল উদ্দিন নামৰ এজন প্ৰতিবেশীয়ে।

এই ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। ক্ষুব্ধ একাংশ লোকে হত্যাকাৰীৰ বাসগৃহ জ্বলাই দিয়াৰ লগতে হত্যাকাৰী কামাল উদ্দিনক ধৰি লপাথপা দি গতাই দিয়ে আৰক্ষীক।

নিজ গৃহৰ চোতালত মাতৃ হাছছানাৰা বেগমে তিনি বছীয়া কন্যা সন্তানক কোলাত লৈ বহি আছিল৷ সেই সময়তে কামাল উদ্দিন নামৰ প্ৰতিবেশীজনে উপস্থিত হৈ হাছানাৰ কোলাৰ পৰা শিশুটিক কাঢ়ি লৈ যায় আৰু শিশুটিক চোতালতে দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে। হাফছানাৰ চিঞৰ শুনি ওলায় আহে ওচৰ-চুবুৰীয়া। কামালৰ কৱলৰ পৰা শিশুটিক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে৷

উল্লেখ্য যে হত্যাকাৰী কামাল উদ্দিন এজন মানসিক ৰোগী। কেইবছৰ পূৰ্বেও হেনো এগৰাকী মহিলাক হত্যা কৰিছিল কামাল উদ্দিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...