প্ৰাকৃতিকভাৱেও নিৰাময় কৰিব পাৰি গেষ্ট্ৰিকৰ সমস্যা

আজিকালি গেষ্ট্ৰিকৰ সমস্যা প্ৰায় প্ৰতিজন ব্যক্তিৰে থাকে। দৰাচলতে খোৱা বস্তু ভালকৈ হজম নহ’লে গেচৰ সমস্যা হয়। বহু লোকে দৈনিক পুৱা এটা গেছৰ টেবলেট খাইহে দিনটোৰ আৰম্ভ কৰে । পিছে এলোপেথিক ঔষধ একেৰাহে দীৰ্ঘ সময় ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। গেষ্ট্ৰিকৰ সমস্যা প্ৰাকৃতিকভাৱেও নিৰাময় কৰিব পাৰি। তৎক্ষণাৎ গেচ নোহোৱা কৰিবলৈ হলে আদা চকল চকলকৈ কাটি ক’লা নিমখৰ লগত চোবাই খালে সুফল পোৱা যায়। কেঁচা তিঁয়হ, নিয়মীয়াকৈ অমিতা খালে গেচৰ সমস্যা কমে। কল খালেও পাকস্থলীৰ অতিৰিক্ত ছডিয়াম দূৰ কৰাত সহায় কৰে। সেয়ে দিনে দুটাকৈ পকা কল খালে গেচ কমি যায়। লগতে কল নিয়মীয়াকৈ খালে কোষ্ঠ কাঠিন্য দূৰ হয় । এগিলাচ ঠাণ্ডা গাখীৰ খালেও গেচ কমি যায়। মানিমুনিৰ ৰস দুচামুচ খালী পেটত পুৱা খাব লাগে। হালধিৰ ৰস পুৱা খালী পেটত খালেও গেচ দূৰ হয়। লং দুটা মুখত লৈ থাকিলে বুকু জ্বলা পোৰা, বমি ভাৱ, গেচ আদি দূৰ হয়। এগিলাচ পানীত আধা চামুচ ডালচেনি গুৰি উতলাই দিনটোত তিনিবাৰকৈ খালেও গেচ কমি যায়। একাপ পানীত ৫-৬টা পদিনাৰ পাত উতলাই ঠাণ্ডা কৰি খালেও গেচ দূৰ হয়। ডাৱৰ পানী খালেও গেচ দূৰ হয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...