নগাঁৱৰ SP আনন্দ মিশ্ৰক বদলি

শেহতীয়াকৈ বিতৰ্কৰ মাজত সোমাই পৰা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি। তাৎক্ষণিকভাৱে বদলি কৰি নগাঁৱৰ আৰক্ষী অধীক্ষকজনক তলব কৰা হৈছে আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়লৈ।

নগাঁৱত হোৱা ছাত্ৰ নেতাৰ এনকাউণ্টাৰক লৈ এজনীয়া তদন্ত কমিটীৰ প্ৰতিবেদনক আনন্দ মিশ্ৰই জনাইছিল প্ৰত্যাহ্বান। এই প্ৰতিবেদনক লৈ সংবাদমেল সম্বোধন কৰিছিল আনন্দ মিশ্ৰই। কীৰ্তিকমল বৰাক পুনৰ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা চলাইছিল। আৰক্ষী অধীক্ষকজনে ‘চান্দা পাৰ্টীৰ মানুহ’ আখ্যা দিছিল কীৰ্তিকমলক। সমগ্ৰ ঘটনাটো ৰাজনীতিকৰণ কৰা হৈছে বুলি মন্তব্য কৰিছিল আনন্দ মিশ্ৰই। সাক্ষীৰ বিৰুদ্ধেও তথ্য প্ৰমাণ গতোৱাৰ হুংকাৰ দিছিল। আৰু এই সমগ্ৰ ঘটনাৰ পিছতে আৰক্ষী অধীক্ষকজনক তাৎক্ষণিকভাৱে কৰা হৈছে বদলি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...