আলফা স্বাধীনৰ সদস্য ভৰ্তিক লৈ আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া

আলফা স্বাধীনৰ সদস্য ভৰ্তিক লৈ আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া। অসম আৰক্ষী, ভাৰতীয় সেনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ষড়যন্ত্ৰমূলকভাৱে আলফা স্বাধীনলৈ আকৃষ্ট কৰি পুনৰ গ্ৰেপ্তাৰ কৰাৰ অভিযোগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক আৰক্ষীয়ে সৃষ্টি কৰা ‘সৃষ্টি আৰু ধ্বংস নীতি’ৰে অসম আৰক্ষী আৰু ভাৰতীয় সেনাই ফেচবুকত বিভিন্ন একাউণ্ট খুলি আলফা (স্বাঃ) যোগদানৰ বাবে একাংশ যুৱকক ঘৰৰ পৰা মাতি পৰৱৰ্তী সময়ত তেওঁলোকে সেই যুৱকসকলক গ্ৰেপ্তাৰ কৰে।

পৰৱৰ্তী সময়ত সেনা-আৰক্ষীৰ এজেণ্ট হিচাপে নিয়োজিত কৰাৰ অভিযোগ আলফা স্বাধীনৰ। এই ষড়যন্ত্ৰত সংবাদকৰ্মী, ছাত্ৰ সংগঠনৰ সদস্য জড়িত থকাৰ অভিযোগ আলফা (স্বাঃ)ৰ। এইসকলক সকীয়নি প্ৰদান আলফা (স্বাঃ)ৰ। সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে কোনো ধৰণৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া বাহাল ৰখা নাই বুলি স্পষ্টীকৰণ আলফা (স্বাঃ)ৰ। ফেচবুকৰ কোনো একাউণ্টে আলফা (স্বাঃ) সদস্য ভৰ্তিৰ বাবে আমন্ত্ৰণ জনালে বিচাৰ বিবেচনা কৰিবলৈ আহ্বান আলফা (স্বাঃ)ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...