INS ছালকি, প্ৰতিৰক্ষা খণ্ডত সংযোজন হৈছিল ন অধ্যায়ৰ

প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশত আজিৰ দিনটোতে সূচনা হৈছিন নতুন দিগন্তৰ। ১৯৯২ চনৰ আজিৰ দিনটোতে প্ৰথমখন দেশীয়ভাবে নিৰ্মিত চাবমেৰিন INS ছালকি ভাৰতীয় নৌবাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰতে সদায় প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল হ’বলৈ চেষ্টা কৰি আহিছে। ইয়াৰ অংশ ৰূপে দেশত প্ৰথম চাবমেৰিন INS ছালকি নিৰ্মাণ কৰা হৈছিল।
INS ছালকি বা এছ46 হৈছে এক টাইপ 1500 ডিজেল-বৈদ্যুতিক চাবমেৰিন। ১৯৮৯ চনৰ ৩০ ছেপ্টেম্বৰত মুম্বাইত এই প্ৰথম স্বদেশী নিৰ্মিত চাবমেৰিন উদ্বোধন কৰা হৈছিল।
INS ছালকি মাজাগাঁও ডক লিমিটেডে নিৰ্মাণ কৰিছিল। শিশুমাৰ শ্ৰেণীৰ চাবমেৰিনত নৌসেনাৰ ৪টা চাবমেৰিন আছে। এইসমূহ হৈছে শিচুমামাৰ, শংকুশ, শালকি আৰু শংকুল। ১৯৮৬ ৰ পৰা ১৯৯৪ চনৰ ভিতৰত নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল এইসমূহ চাবমেৰিন।
INS ছালকি চাবমেৰিনৰ দৈৰ্ঘ্য ২১১ ফুট, প্ৰস্থ ২১ ফুট আৰু গভীৰতা ২০ ফুট। আনহাতে, INS ছালকিৰ পৰীক্ষাৰ গভীৰতা ৮৫০ ফুট।
INS ছালকিয়ে ৮জন বিষয়াসহ ৪০জন লোকক কঢ়িয়াই নিব পাৰে। INS ছালকিৰ ওজন পৃষ্ঠত ১,৬৬০ টন আৰু পানীৰ তলৰ ওজন ১,৮৫০ টন। ই পানীৰ পৃষ্ঠত ৪১ কিঃমিঃ প্ৰতি ঘণ্টাত গতি কৰিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত অসমৰ নতুন অভিলেখ

প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব অসমৰ চাৰি বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত...

২৪ ফেব্ৰুৱাৰীৰ ঝুমইৰ নৃত্যৰ অনুষ্ঠান বিভিন্ন বাগানত পোনপটীয়া প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ মুখ্যমন্ত্ৰীৰ

জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা...

চলিত ফেব্ৰুৱাৰী মাহতে ৰাজ্যত দুটাকৈ বৃহৎ অনুষ্ঠান

লোকসেৱা ভৱনত 'এডভান্টেজ আছাম ২.০' আৰু 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ...

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...