এতিয়াৰে পৰা চৰকাৰী খৰচত আৰু নচলে মাদ্ৰাছা!

ৰাজ্যত এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ মাদ্ৰাছা
চৰকাৰৰ মাদ্ৰাছা শিক্ষা বন্ধৰ সিদ্ধান্তক ন্যায়ালয়ৰ ছীল-মোহৰ
২০২০ত মাদ্ৰাছা বন্ধৰ আইন প্ৰণয়ন কৰিছিল চৰকাৰে
আছাম ৰিপীলিং এক্ট, ২০২০ক প্ৰত্যাহ্বান জনাই লেখ আবেদন দাখিল কৰিছিল ন্যায়ালয়ত
১৪ জন লোকে দাখিল কৰিছিল এই লেখ আবেদন
ৰাজ্যত মাদ্ৰাছা বন্ধ নকৰিবলৈ আবেদন জনাইছিল
দীৰ্ঘ শুনানিৰ অন্তত এই লেখ আবেদন খাৰিজ ন্যায়ালয়ৰ
ন্যায়ালয়ৰ নিৰ্দেশক ঐতিহাসিক আখ্যা মুখ্যমন্ত্ৰীৰ

ৰাজ্যত বৰ্তমান সময়ত থকা মাদ্ৰাছা, হাই মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যত থকা মাদ্ৰাছা, হাই মাদ্ৰাছা বন্ধ কৰা হ’ব কিয়নো ৰাজ্য চৰকাৰে ভাৱে যে চৰকাৰৰ ধন ৰাশি ব্যয় কৰি ধৰ্মগ্ৰন্থ শিকোৱাত চৰকাৰৰ অধিকাৰ নাই।‌ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ধৰ্মৰ ওপৰত আধাৰিত শিক্ষানুষ্ঠান সমূহ বন্ধ কৰা হ’ব আৰু এই সমূহক সাধাৰণ হাইস্কুল আৰু হায়াৰ চেকেণ্ডেৰী স্কুললৈ ৰূপান্তৰিত কৰা হ’ব। ২০২০ চনতে মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সমূহক লৈ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, “আমি মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলক স্বেচ্ছাসেৱী অৱসৰ প্ৰদান কৰিম আৰু তাৰ ভিতৰত তেওঁলোকৰ অৱসৰ গ্ৰহণৰ তাৰিখলৈ তেওঁলোকক ৰাজ্য চৰকাৰে দৰমহা প্ৰদান কৰিব”।‌ ৰাজ্যত চৰকাৰী অনুদান প্ৰাপ্ত ৬৪০খন মাদ্ৰাছা আৰু হাই মাদ্ৰাছা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...