বিশ্বৰ শীৰ্ষ ১০ ধনীৰ তালিকাত মাত্ৰ এজন ভাৰতীয়, কোন তেওঁ?

ফৰ্বছ আলোচনীয়া প্ৰতি বছৰৰ দৰে এইবেলিও বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তথ্য প্ৰকাশ কৰিছে। তালিকাত প্ৰতি বছৰৰ দৰে শীৰ্ষ ধনীৰ তালিকাত স্থান পাইছে এজন ভাৰতীয়ই। শীৰ্ষ ১০ত আদানি গ্ৰুপৰ গৰাকী গৌতম আদানিৰ নাম তালিকাত সংযোজন হৈছে। আনহাতে মুকেশ আম্বানী এতিয়া ১১ নম্বৰৰহে আটাইতকৈ ধনী ব্যৱসায়ী।

২০২১ৰ ৬ জানুৱাৰীত মুকেশ আম্বানীয়ে শীৰ্ষ ১০জন ধনীৰ তালিকাৰ পৰা বাদ পৰিছিল। তাৰ পিছত ২০২১ৰ ২৩ ছেপ্টেম্বৰত পুনৰ দশম স্থান দখল কৰিছিল। অৱশ্যে যোৱা বছৰৰ ১৬ অক্টোবৰত পুনৰ শীৰ্ষ ১০ৰ তালিকাৰ বাহিৰত আছিল।

ফৰ্বছৰ ৰিয়েলটাইম বিলিয়নেয়াৰৰ প্ৰতিবেদন অনুসৰি পুৱা ১১ বজাত গৌতম আদানিৰ সম্পত্তি ৯০.৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। টকাৰ হিচাপত ৬.৭৮ লাখ কোটি টকা। আনহাতে, ৰিলায়েন্স উদ্যোগৰ গৰাকী মুকেশ আম্বানীৰ সম্পত্তি হৈছে ৮৯.২ বিলিয়ন ডলাৰ অৰ্থাৎ ৬.৬৯ লাখ কোটি টকা। ইয়াৰ পূৰ্বে আদানি ১২ নম্বৰত আৰু আম্বানী ১১ নম্বৰত আছিল। আজি শ্বেয়াৰৰ মূল্যৰ তাৰতম্যৰ বাবে দুয়োৰে মাজৰ ৰেংকিং সলনি হৈছে।

প্ৰকাশিত তথ্য অনুসৰি আম্বানীৰ সম্পত্তি ২.১৪% বা ২ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে আদানিৰ সম্পত্তি ০.৩২%, বা ২৮ নিযুত ডলাৰহে হ্ৰাস পাইছে। মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্সৰ শ্বেয়াৰ আজি প্ৰায় আধা শতাংশ হ্ৰাস পাইছে। ইয়াৰ বজাৰ কেপ ১৫.৮১ লাখ কোটি টকা।

ষ্টকৰ মূল্য যথেষ্ট হ্ৰাস হোৱাৰ বাবে ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গ এতিয়া ১২ নম্বৰ স্থানতহে আছে। জুকাৰবাৰ্গৰ মুঠ মূল্য ৮৪.৮ বিলিয়ন ডলাৰ। জুকাৰবাৰ্গৰ সম্পত্তি আজি ২৯.৭ বিলিয়ন ডলাৰ বা ২.২২ লাখ কোটি টকা হ্ৰাস পাইছে।

উল্লেখ্য যে, মুকেশ আম্বানীৰ বয়স ৬৪ বছৰ, আদানিৰ বয়স ৫৯ বছৰ। আনহাতে, টেছলাৰ এলন মাস্ক বিশ্বৰ আটাইতকৈ ধনী ব্যৱসায়ী। মাস্কৰ মুঠ মূল্য হৈছে ২৩২.২ বিলিয়ন ডলাৰ। আমাজনৰ জেফ বেজোছ তিনি নম্বৰত আছে। বেজোছৰ মুঠ মূল্য হৈছে ১৬৪.৮ বিলিয়ন ডলাৰ।

মন কৰিবলগীয়া যে, ১০ দিন পূৰ্বে ২৫ জানুৱাৰীত গৌতম আদানীয়ে মুকেশ আম্বানীক অতিক্ৰম কৰিছিল। সেই সময়ত, দুয়োজনৰ সম্পত্তিৰ মাজত মাত্ৰ এক হাজাৰ কোটি টকাৰ সম্পত্তিৰ পাৰ্থক্য আছিল। আম্বানীৰ সম্পত্তিৰ মূল্য আছিল ৬.৭১ লাখ কোটি টকা আৰু আদানিৰ সম্পত্তি আছিল ৬.৭২ লাখ কোটি টকা।

ফৰ্বছৰ ৰিয়েল টাইমৰ তথ্য অনুসৰি, ৩১ ডিচেম্বৰত গৌতম আদানিৰ মুঠ মূল্য আছিল ৭৮ বিলিয়ন ডলাৰ বা ৫.৮২ লাখ কোটি টকা। এই সম্পত্তি ১৮ জানুৱাৰীত ৯৩ বিলিয়ন ডলাৰ বা ৬.৯৫ লাখ কোটি টকালৈ বৃদ্ধি হৈছিল। আনহাতে, ২৫ জানুৱাৰীত আদানিৰ মুঠ সম্পত্তি ৯০ বিলিয়ন ডলাৰ বা ৭.৭২ লাখ কোটি টকাত উপনীত হৈছে। এই অনুসৰি নতুন বছৰত গৌতম আদানিৰ মুঠ সম্পত্তি দৈনিক ৬ হাজাৰ কোটি টকাতকৈও অধিক উপাৰ্জন হৈছে।

উল্লেখ্য যে, আদানি গ্ৰুপৰ ছয়টা কোম্পানী ভাৰতীয় শ্বেয়াৰ বজাৰত তালিকাভুক্ত হৈছে। জানুৱাৰী মাহত আটাইকেইটা কোম্পানীয়ে ৫% ৰ পৰা ৪৫%লৈকে ৰিটাৰ্ণ লাভ কৰিছিল। বিশেষকৈ আদানিৰ শক্তি কোম্পানীবোৰৰ শ্বেয়াৰ আটাইতকৈ বেছি উৰ্ধগামী হৈছে। আদানিৰ সপ্তম কোম্পানীটো অহা সপ্তাহত তালিকাভুক্ত হ’ব। আদানি গ্ৰীণ এনাৰ্জীৰ বজাৰ কেপে ৩ লাখ কোটি টকা অতিক্ৰম কৰিছে। আদানি এণ্টাৰপ্ৰাইজেছ, আদানি পাৱাৰ, আদানি গ্ৰীণ এনাৰ্জীৰ শ্বেয়াৰো বৃদ্ধি পাইছে। অৱশ্যে আদানি পোৰ্টছ, টোটেল গেছ আৰু ট্ৰেন্সমিচনৰ ষ্টক হ্ৰাস পাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...