আৰক্ষীৰ জালত মুছলিম জাতীয় পৰিষদৰ সভাপতি মটিআৰ ৰহমান

হাতীগাঁও আৰক্ষীৰ জালত মুছলিম জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি। অপৰাধ সংঘটিত কৰা বাহন লৈ ঘূৰি ফুৰিছিল মটিআৰ ৰহমানে। নিজকে এটা পৰ্টেলৰ সাংবাদিক বুলি পৰিচয় দিছিল আৰক্ষীক। মটিআৰ ৰহমানে ব্যৱহাৰ কৰা বাহনখনৰ নাই কোনো নথি পত্ৰ। HR19F0036 নম্বৰৰ ইনোভা বাহনখন বিচাৰি আছিল হোজাই আৰক্ষীয়ে। বাহনখনৰ ভিতৰত পূৰ্বতে মটিআৰ ৰহমানে এগৰাকী যুৱতীক ধৰ্ষণৰ গোচৰ আছিল হোজাই থানাত। আৰক্ষীয়ে হাতীগাঁৱত মটিআৰ ৰহমান আৰু অশ্ৰাফুল ৰহমান নামৰ লোক দুজনৰ সৈতে জব্দ কৰে ইনোভা বাহনখন। ভাৰতীয় দণ্ডবিধি আইনৰ 406/420/468/376(B) /506 ধাৰাত হোজাই থানাত ৰুজু হৈছিল 685/21 নম্বৰৰ গোচৰ। হাতীগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...