কিয় ভাৰত- শ্ৰীলংকাৰ আগন্তুক টেষ্ট মেচক লৈ দেশজুৰি চৰ্চা?

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বেংগালুৰুত শ্ৰীলংকাৰ বিৰুদ্ধে এই বছৰৰ প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ অনুষ্ঠিত কৰাৰ কথা বিবেচনা কৰি আছে। ৱেষ্ট ইণ্ডিজৰ সৈতে এদিনীয়া আৰু টি-২০ শৃংখলা সমাপ্ত হোৱাৰ পিছত শ্ৰীলংকাৰ দলটোৱে ভাৰত ভ্ৰমণ কৰিব। শ্ৰীলংকাৰ সৈতে টেষ্ট শৃংখলাৰ উপৰিও ৩খন টি-20 মেচৰ শৃংখলা খেলিব ভাৰতে।

অৱশ্যে শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ বেংগালুৰুত দিবা-নৈশ হিচাপে খেলিব নে স্বাভাৱিকভাবে খেলিব সেয়া এতিয়ালৈকে আনুষ্ঠানিকভাবে ঘোষণা কৰা নাই BCCI-এ।

দৰাচলতে, শ্ৰীলংকা দলটোৱে ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব। ২৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ মাৰ্চৰ ভিতৰত দুয়োখন দেশৰ মাজত দুখন টেষ্ট আৰু ৩খন টি-২০ খেল অনুষ্ঠিত হ’ব। প্ৰথমখন টেষ্ট মেচ ২৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব। অৱশ্যে এই সূচীৰ পৰিৱৰ্তন হোৱাৰো সম্ভাৱনা আছে, কিয়নো শ্ৰীলংকাৰ বোৰ্ডে বিচাৰিছে যে টেষ্ট শৃংখলাৰ পূৰ্বে টি-২০ শৃংখলা অনুষ্ঠিত হওক।

যদি শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট বেংগালুৰুত হয়, তেন্তে কোহলীৰ এইখন শততম টেষ্ট মেচ হ’ব। দিল্লীৰ পিছত বেংগালুৰুক কোহলিৰ দ্বিতীয় ঘৰ বুলি গণ্য কৰা হয়। কোহলীয়ে আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বা আৰচিবিৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু এতিয়াও আৰচিবিৰ হৈ খেলি আছে কোহলিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...