কেবিনেট বৈঠকত কি কি সিদ্ধান্ত ল’লে অসম চৰকাৰে ?

হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কেবিনেট বৈঠকৰ অন্তত পীযুষ হাজিৰকাৰ সংবাদমেল। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত। ১১৪টা মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ বাবে ৯৫৮ কোটি টকা আৱণ্টন। ৬ খন গ্ৰাম্য দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত। তামুলপুৰ মেডিকেল কলেজৰ বাবে ৪৫০ কোটি টকা আৱণ্টন। মৰিয়নীত ১০৩টা পৰিয়ালক প্ৰদান কৰিব মাটিৰ পট্টা।

ডিব্ৰুগড় আৰু শিলচৰ এতিয়াৰে পৰা হ’ব পৌৰ নিগম। এফ চি আইক ধান বিক্ৰী কৰিবলৈ আহ্বান ৰাজ্যৰ কৃষকসকলক। প্ৰতি কুইণ্টল ধানৰ বিনিময়ত লাভ কৰিব ১৯৪০ টকা। অসমৰ এটা সুকীয়া প্ৰতীক চিহ্ণৰ চিন্তা–চৰ্চা চৰকাৰৰ। প্ৰতীক চিহ্ণৰ বাবে ৰনোজ পেগু আৰু কেশৱ মহন্তৰ নেতৃত্বত কমিটি গঠন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...