গ্ৰেপ্তাৰ হ’ল গুৱাহাটী ৰিফাইনেৰী হাস্পতালৰ চিকিৎসক ভাস্কৰ বৰুৱা

অৱশেষত গ্ৰেপ্তাৰ হ’ল গুৱাহাটীৰ নুনমাটি ৰিফাইনেৰী হাস্পতালৰ চিকিৎসক ভাস্কৰ বৰুৱা। নুনমাটি আৰক্ষীয়ে অভিযান চলাই কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কমলপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ডাঃ ভাস্কৰ বৰুৱাক। বাইহাটা চাৰিআলিৰ নিজৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল চিকিৎসক ভাস্কৰ বৰুৱা। নুনমাটি আৰক্ষীয়ে ডাঃ বৰুৱাৰ মোবাইল ফোন ট্ৰেছ কৰি অভিযুক্ত ডাঃ ভাস্কৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে। যোৱা ২৬ জানুৱাৰীৰ নিশা গুৱাহাটী ৰিফাইনেৰী হাস্পতালত যুৱতী পৰিচাৰিকা এগৰাকীক শ্লীলতা হানি কৰা বুলি অভিযোগ উঠাৰ পিছৰে পৰাই পলায়ন কৰি আত্মগোপন কৰি আছিল অভিযুক্ত ডাঃ বৰুৱা। তিনিদিন ধৰি আত্মগোপন কৰাৰ অন্তত নুনমাটি আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত চিকিৎসকজনক। সম্প্ৰতি নুনমাটি আৰক্ষীয়ে থানাত তেওঁৰ জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...