আমেৰিকাৰ কোম্পানীক চেৰ পেলাই দ্বিতীয় স্থানত TCS, শীৰ্ষ ১০ত থকা বিশ্বৰ IT কোম্পানী

টাটা কনচালটেঞ্চী চাৰ্ভিচেছে গঢ়িলে আন এক অভিলেখ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীক অতিক্ৰম কৰি দ্বিতীয় সৰ্ববৃহৎ আইটি কোম্পানীলৈ পৰিণত TCS। শীৰ্ষ ১০ত থকা আইটি কোম্পানীৰ বিষয়ে জানো আহক।
বিশ্বৰ সৰ্ববৃহৎ তথ্যপ্ৰযুক্তি প্ৰতিষ্ঠান হৈছে আমেৰিকাৰ এক্সেনচাৰ। ৩৬.২ বিলিয়ন ডলাৰ সম্পত্তিৰে আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠানলৈ পৰিণত হৈছে। দ্বিতীয় স্থানত আছে টাটা কনচালটেঞ্চী চাৰ্ভিচেছ। টিচিএছৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৬.৮ বিলিয়ন ডলাৰ। তৃতীয় স্থানত আছে ভাৰতৰে প্ৰতিষ্ঠান ইনফছিচ। ১২.৮ বিলিয়ন ডলাৰ সম্পত্তিৰে তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিছে ইনফছিচে। চতুৰ্থ আৰু পঞ্চম স্থানত আছে আমেৰিকাৰ প্ৰতিষ্ঠান। আইবিএম প্ৰতিষ্ঠানটোৰ সম্পত্তিৰ পৰিমাণ হৈছে ১০.৬ বিলিয়ন ডলাৰ। আনহাতে, পঞ্চম স্থানত থকা কগনিজেণ্টৰ সম্পত্তিৰ মূল্য হৈছে ৮.৭ বিলিয়ন ডলাৰ। ষষ্ঠ স্থান অধিকাৰ কৰিছে ফ্ৰান্সৰ প্ৰতিষ্ঠানে। ৮.২ বিলিয়ন ডলাৰ সম্পত্তিৰে ষষ্ঠ স্থান অধিকাৰ কৰিছে কেপজেমিনিয়ে। পুনৰ সপ্তম আৰু অষ্টন স্থান অধিকাৰ কৰিছে ভাৰতীয় ২ কোম্পানীয়ে। ৬.৪ বিলিয়ন ডলাৰ সম্পত্তিৰে সপ্তম স্থানত আছে আজিম প্ৰেমজীৰ উইপ্ৰ প্ৰতিষ্ঠান। একেদৰে অষ্টম স্থান থকা এইছচিএলৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬.১ বিলিয়ন ডলাৰ। তালিকাৰ নৱম আৰু দশম স্থানত আছে জাপানৰ ২ প্ৰতিষ্ঠান। এনটিটি ডাটা নামৰ কোম্পানীটো ৫.৮ বিলিয়ন ডলাৰ সম্পত্তিৰ অধিকাৰী। তাৰ বিপৰীতে দশম স্থানত থকা ফুজিটছু নামৰ প্ৰতিষ্ঠানটোৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪ বিলিয়ন ডলাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...