১২৮ বছৰ অতিক্ৰম কৰিলে পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহে

১২৮ বছৰ অতিক্ৰম কৰিলে পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহে । ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰঙৰ পথৰুঘাটত মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে কৰা প্ৰতিবাদত বৃটিছে কৃষকৰ ওপৰত গুলীচালনা কৰিছিল। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়। হিন্দু-মুছলমান নিৰ্বিশেষে এই বিদ্ৰোহত থিতাতে নিহত হৈছিল ১৪০ জন কৃষকৰ আৰু আহত হৈছিল ১৫০ জন লোক। এই ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰামক দিছিল এক নতুন মাত্ৰা।

নিৰপৰাধী কৃষক ৰাইজক অতি নিৰ্মম ভাবে এনেদৰে কৰা হত্যাই বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম জোৰদাৰ কৰি তুলিছিল। পথৰুঘাটৰ কৃষক ৰাইজৰ এই চৰম ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায়। পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ ১২৮ বছৰত আজি দৰঙত অনুষ্ঠিত হ’ব বিশেষ কাৰ্যসূচীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...