ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত খেলিব ৰোহিত শৰ্মাই

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক ভাল খবৰ। আগন্তুক ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে মেচ ফিট হৈ উঠিছে ৰোহিত শৰ্মা। NCAত অনুষ্ঠিত হোৱা ফিত্নেছ টেষ্ট পাছ কৰিছে ভাৰতীয় দলৰ অধিনায়কজন।

ইপিনে, দক্ষিণ আফ্ৰিকাত মুখ ঠেখেচা খোৱাৰ পিছত এইবাৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৰোহিত শৰ্মা এদিনীয়া দলৰ ফুল টাইম অধিনায়ক হিচাপে খেলপথাৰত নামিব। এই শৃংখলাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলিব।

তিনিখন এদিনীয়া খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আৰু কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব তিনিখন টি-২০ খেল। দক্ষিণ আফ্ৰিকা ভ্ৰমণত বিধ্বস্ত হোৱা ৰোহিত শৰ্মাৰ এই প্ৰত্যাৱৰ্তনে টীম ইণ্ডিয়াৰ ওপৰত কি প্ৰভাৱ পেলাব সেই বিষয়ে সবিশেষ জনাবলৈ এতিয়া ফোনলাইনত আমাৰ সৈতে উপস্থিত আছে আমাৰ সাংবাদিক মৃদুপৱন বৰাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...