ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত খেলিব ৰোহিত শৰ্মাই

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক ভাল খবৰ। আগন্তুক ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে মেচ ফিট হৈ উঠিছে ৰোহিত শৰ্মা। NCAত অনুষ্ঠিত হোৱা ফিত্নেছ টেষ্ট পাছ কৰিছে ভাৰতীয় দলৰ অধিনায়কজন।

ইপিনে, দক্ষিণ আফ্ৰিকাত মুখ ঠেখেচা খোৱাৰ পিছত এইবাৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৰোহিত শৰ্মা এদিনীয়া দলৰ ফুল টাইম অধিনায়ক হিচাপে খেলপথাৰত নামিব। এই শৃংখলাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলিব।

তিনিখন এদিনীয়া খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আৰু কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব তিনিখন টি-২০ খেল। দক্ষিণ আফ্ৰিকা ভ্ৰমণত বিধ্বস্ত হোৱা ৰোহিত শৰ্মাৰ এই প্ৰত্যাৱৰ্তনে টীম ইণ্ডিয়াৰ ওপৰত কি প্ৰভাৱ পেলাব সেই বিষয়ে সবিশেষ জনাবলৈ এতিয়া ফোনলাইনত আমাৰ সৈতে উপস্থিত আছে আমাৰ সাংবাদিক মৃদুপৱন বৰাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...