জন্মদিন উপযাপন কৰি হোষ্টেল নাপালেহি ৭ মেডিকেল শিক্ষাৰ্থী, নিহতৰ ভিতৰত আছে বিজেপি বিধায়কৰ পুত্ৰও

জন্মদিন উদযাপনৰ পৰা উভতি অহা মেডিকেল শিক্ষাৰ্থীৰ গাড়ী নদীত পৰে। দুৰ্ঘটনাত থিতাতে বিজেপি বিধায়কৰ পুত্ৰসহ নিহত ৭ জন। মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ভয়ংকৰ দুৰ্ঘটনাত সাতজন ছাত্ৰ নিহত হৈছে। মৃতসকলৰ ভিতৰত আছে বিজেপি বিধায়ক বিজয় ৰাহাংডেলৰ পুত্ৰ অবিষ্টন ৰাহাংদালে। দুৰ্ঘটনাটো চেলচুৰাৰ ওচৰৰ এখন দলঙত সংঘটিত হৈছিল। ৭জন শিক্ষাৰ্থীয়ে এখন গাড়ীত উঠি আছিল আৰু নিশাৰ আহাৰ খাই ধাবাৰ পৰা ওভতি আহিছিল। গাড়ীখন দলংখনত পোৱাৰ লগে লগে নিয়ন্ত্ৰণহীন হৈ পৰিল আৰু দলংখনৰ এটা অংশ ভাঙি ৪০ ফুট গভীৰ নদীত পৰিল।
ৱাৰ্ধাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত হোলকাৰে সদৰি কৰা অনুসৰি দুৰ্ঘটনাটোৰ কথা স্থানীয় বাসিন্দাসকলে নিশা পলমকৈ জানিছিল। ইয়াৰ পিছত আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰকাৰ্য আৰম্ভ কৰা হয়। সকলো মৃতকৰে বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত। আটাইকেইজন ৱাৰ্ধা জিলাৰ চাংভি মেঘে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ আছিল।
দুৰ্ঘটনাটোত মৃত্যু হোৱা আন শিক্ষাৰ্থীসকল হৈছে নীতেশ সিং, বিবেক নন্দন, প্ৰত্যুষ সিং, শুভম জয়ছোৱাল আৰু পৱন শক্তি। সাতজন শিক্ষাৰ্থীৰ মাজৰ এজন ইণ্টাৰ্ন আছিল। দুগৰাকী অন্তিম বৰ্ষৰ শিক্ষাৰ্থী আৰু এমবিবিএছৰ দ্বিতীয় বৰ্ষৰ দুজন শিক্ষাৰ্থী আছিল। দুৰ্ঘটনাগ্ৰস্ত এছইউভিখন নীৰজ সিং নামৰ এজন ছাত্ৰই চলাই আহিছিল।
দুৰ্ঘটনাটোত মৃত্যু হোৱা সকলো শিক্ষাৰ্থী হোষ্টেলত থাকি অধ্যয়ন কৰিছিল। হোষ্টেলত উপস্থিতি নিশা ১০ বজাত লোৱা হয়। যেতিয়া দুৰ্ঘটনাগ্ৰস্তসকলক হোষ্টেলত পোৱা নগ’ল, ৱাৰ্ডেনে পৰিয়ালৰ সদস্যসকলক ফোনযোগে অৱগত কৰিলে। পৰিয়ালৰ এজন সদস্যই ৱাৰ্ডেনক সদৰি কৰিছিল যে তেওঁলোকে জন্মদিনৰ পাৰ্টীলৈ গৈছিল। হোষ্টেলৰ জ্যেষ্ঠসকলো বিচলিত হৈছিল কিয়নো ছাত্ৰ-ছাত্ৰীসকল নিশালৈকে হোষ্টেললৈ ওভতি অহা নাছিল। অৱশেষত মঙলবাৰে পুৱতি নিশা শিক্ষাৰ্থীসকলে দুৰ্ঘটনাত মৃত্যুৰ খবৰ পাইছিল।
ইফালে ঘটনাত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “মহাৰাষ্ট্ৰৰ চেলচুৰাৰ ওচৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ ফলত মই শোকাহত হৈ পৰিছোঁ। এই দুখৰ সময়ত যিসকলে প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। মই প্ৰাৰ্থনা কৰোঁ যে যিসকল আহত হৈছে সেইসকল সোনকালেই আৰোগ্য হওক। সকলো মৃতকৰ আত্মীয়ক ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...