উদ্বেগজনক! ৰাজ্যত ক’ভিডত আক্ৰান্তৰ হাৰ ১২.১৬ %

অসমত পুনৰ ৫,৫৮০জন লোক আক্ৰান্ত হৈছে ক’ভিডত। যোৱা ২৪ ঘণ্টাত প্ৰায় ৬ হাজাৰ লোকৰ দেহত পোৱা গৈছে ক’ভিড। কেৱল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১,১৭২জন লোক। ২৪ ঘণ্টাত ক’ভিডত ১৩জন লোকৰ মৃত্যু ঘটিছে। ইফালে ৰাজ্যত আৰোগ্যৰ হাৰ ৯১.৯৯ শতাংশ। আজি প্ৰায় ৪৫,৯০০টা টেষ্ট কৰা হৈছিল, ইয়াৰে ৫,৫৮০গৰাকী লোক ক’ভিড পজিটিভ পোৱা গৈছে। সামগ্ৰিকভাবে অসমত পজিটিভিটীৰ হাৰ ১২.১৬ শতাংশ। আনহাতে, শুকুৰবাৰৰ তুলনাত আজি সামান্য পৰিমাণে হ্ৰাস পায় ক’ভিড আক্ৰান্ত। শুকুৰবাৰৰ দিনটোত অসমত আক্ৰান্ত হৈছিল ৬,৮৯৭জন। অৱশ্যে শুকুৰবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ আছিল ১২.১৩ %। শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছিল ১,৫৬১জন। একেদৰে শুকুৰবাৰে ১৫জন লোকৰ মৃত্যুৰ বিপৰীতে আজি মৃত্যু ঘটে ১৩জন লোকৰ। শুকুৰবাৰে ৰাজ্যত আৰোগ্যৰ হাৰ আছিল ৯২.৩১%।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...