একেদিনাই ৰাজ্যত ক’ভিডত প্ৰাণ হেৰুৱালে ১৬জন লোকে

অসমত ক’ভিডৰ তৃতীয় ঢৌৰ ভয়াৱহ সংক্ৰমণ। ৰাজ্যত তুংগত ক’ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ। একেদিনাই ৰাজ্যত ক’ভিডত প্ৰাণ হেৰুৱাইছে ১৬ জন আক্ৰান্তই। সোমবাৰৰ দিনটোত ক’ৰনাত মৃত্যু হৈছিল ১১জন আক্ৰান্ত। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮ হাজাৰ ৭২ জন লোক আক্ৰান্ত হৈছে। সোমবাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আক্ৰান্ত হৈছিল প্ৰায় ৭ হাজাৰ লোক। কিন্তু মঙলবাৰৰ দিনটোত ৮ হাজাৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই। ৰাজ্যত পজিটিভিটিৰ হাৰ বৃদ্ধি পাইছে ১২.৬২ শতাংশলৈ। কামৰূপ মহানগৰ জিলাত ক’ভিডৰ উদ্বেগজনকভাবে সংক্ৰমণ বাঢ়িছে। কামৰূপ(ম) জিলাত একেদিনাই প্ৰায় ২ হাজাৰ লোক আক্ৰান্ত হৈছে ক’ভিডত। মঙলবাৰৰ দিনটোত কেৱল কামৰূপ(ম)তে আক্ৰান্ত ১,৯৯৬ জন লোক। আজিৰ দিনটোত ৰাজ্যত সম্পন্ন হৈছে ৬৩,৯৪৪টা ক’ভিড টেষ্ট। ৰাজ্যত ক’ভিডৰ আৰোগ্যৰ হাৰ ৯৪.৩৯ শতাংশ। ৰাজ্যৰ ৫খন জিলাত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ। কামৰূপ মে’ট্ৰ, কাছাৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...