৩ টকাকৈ বাঢ়িব পাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য, খাৰুৱা তেলৰ মূল্য উপনীত হৈছে ৭ বছৰৰ সৰ্বোচ্চ স্তৰত

বৰ্ধিত মুদ্ৰাস্ফীতিৰ মাজত সাধাৰণ মানুহৰ বাবে আন এক উদ্বেগজনক খবৰ। দেশত পেট্ৰ’ল আৰু ডিজেল অধিক ব্যয়বহুল হৈ পৰিব পাৰে। কিয়নো খাৰুৱা তেলৰ মূল্য ৭ বছৰৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৭ ডলাৰ অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বে ২০১৪ চনৰ জানুৱাৰীত খাৰুৱা তেলৰ মূল্য ৮৮ ডলাৰ অতিক্ৰম কৰিছিল।
খাৰুৱা তেলৰ মূল্য ২০২১ চনৰ ১ ডিচেম্বৰত প্ৰতি বেৰেলত ৬৮.৮৭ ডলাৰৰ পৰা ৮৬ ডলাৰ প্ৰতি বেৰেলৰ ওপৰলৈ বৃদ্ধি হৈছিল। অৰ্থাৎ ডেৰ মাহৰ ভিতৰত খাৰুৱা তেলৰ মূল্য প্ৰায় ২৬% বৃদ্ধি পাইছে।
IIFL চিকিউৰিটিজৰ উপ-সভাপতি (কমডিটী এণ্ড কাৰেঞ্চী) অনুজ গুপ্তাই কয় যে অদূৰ ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০ ডলাৰলৈ বৃদ্ধি হ’ব পাৰে। ইয়াৰ ফলত অহা এমাহত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ২ৰ পৰা ৩ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
সমগ্ৰ পৃথিৱীয়ে কৰনা সংকটৰ সন্মুখীন হৈছে। তদুপৰি, মধ্য প্ৰাচ্যতো উত্তেজনা বৃদ্ধি পাইছে। সোমবাৰে UAEৰ বিমান বন্দৰত ড্ৰোন আক্ৰমণে এক নতুন সংকটৰ সৃষ্টি কৰিছে, যাৰ ফলত তেল উৎপাদন প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলৰ মতে, এই ঘটনাবোৰে খাৰুৱা তেলৰ উৎপাদন আৰু চাহিদাত প্ৰভাৱিত কৰিব।
বিশেষজ্ঞসকলৰ মতে, যদিও চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য নিৰ্ধাৰণত নিজৰ ভূমিকাৰ কথা অস্বীকাৰ কৰিছে, তথাপিও বিগত বছৰবোৰত দেখা গৈছে যে চৰকাৰে নিৰ্বাচনৰ সময়ত জনসাধাৰণক সন্তুষ্ট কৰিবলৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি নকৰে। বিগত বছৰবোৰৰ ঘটনাই দেখুৱাইছে যে নিৰ্বাচনৰ বতৰত পেট্ৰ’ল আৰু ডিজেলৰ বৰ্ধিত মূল্যৰ পৰা ৰাইজে সকাহ পাইছে। ইয়াৰ পিছতে কিন্তু ইন্ধনৰ মূল্য বৃদ্ধি হোৱা দেখা যায়।
অনুমান অনুসৰি, যদি খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০ ডলাৰ বৃদ্ধি হয়, ই বিত্তীয় ঘাটিত পোনপটীয়াকৈ প্ৰভাব পেলাব। ই মুদ্ৰাস্ফীতিও বৃদ্ধি কৰিব। যাৰ ফলত আৰবিআইৰ বাবে সুতৰ হাৰ এক নিৰ্দিষ্ট হাৰত ৰখাটো কঠিন হৈ পৰিব।
ৰপ্তানি বিল বৃদ্ধিৰ ফলত ডলাৰৰ সঞ্চয় হ্ৰাস হ’ব, যাৰ ফলত টকা দুৰ্বল হৈ পৰিব পাৰে।
ভাৰতে খাৰুৱা তেলৰ ৮৫%তকৈও অধিক বাহিৰৰ পৰা ক্ৰয় কৰে। খাৰুৱা তেলৰ দাম বাঢ়িলে ইয়াৰ বাবে ডলাৰত অতিৰিক্ত ধন পৰিশোধ কৰিব লাগিব। এনে পৰিস্থিতিত, খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু ডলাৰ শক্তিশালী হোৱাৰ লগে লগে পেট্ৰ’ল আৰু ডিজেল ব্যয়বহুল হৈ পৰিব। খাৰুৱা তেল বাহিৰৰ পৰা বেৰেলত আহে। এক বেৰেলত থাকে ১৫৯ লিটাৰ খাৰুৱা তেল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...