আইনী হস্তক্ষেপ, কঠোৰ SOPৰ মাজতে অসমীয়াই অটুট ৰাখিলে সাতামপুৰুষীয়া পৰম্পৰা

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি দুটা গোনা ম’হৰ যুঁজত কঁপি উঠিল জাপিসজীয়া পথাৰ। এফালে যদি ন্যায়ালয়ৰ বাধা আৰোপ, আনফালে পৰম্পৰা ৰক্ষাৰ যুঁজ। ইয়াৰ মাজতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি নৱপ্ৰজন্মক চিনাকি কৰাই দিবৰ বাবে অনুষ্ঠিত হ’ল ম’হ যুঁজ। পিছে এয়া প্ৰতীকি ম’হ যুঁজহে। শিৱসাগৰৰ কালুগাঁও জাপিসজীয়া গাঁওবাসীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে প্ৰতিকী মহযুঁজ। প্ৰতীকি ম’হযুঁজ চাবলৈ ওলাই আহিল গাঁওবাসী।

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা থাকিলেও অসমীয়াই এৰিব নোৱাৰে এই সমূহ পৰম্পৰা। তাৰেই এটা বিশেষ পৰম্পৰা হৈছে যুগ যুগ ধৰি ঐতিহ্য বহন কৰি অহা মাঘ বিহুৰ ম’হ যুঁজ। ভোগালী বিহুৰ সময়ত অসমৰ মানুহে ম’হ যুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজৰ আয়োজন কৰি আনন্দ লোৱাৰ এক ঐতিহাসিক পৰম্পৰা আছে। পিছে, শেহতীয়াকৈ যোৱা কেইবছৰ মানৰ পৰা আইনী হস্তক্ষেপৰ বাবে ম’হযুঁজ আৰু বুলবুলি চৰাই যুঁজ স্তব্ধ হোৱাৰ পিছত কুকুৰা যুঁজো বন্ধৰ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে, আহোম স্বৰ্গদেউ সকলৰ দিনৰে পৰা মাঘ বিহুত ম’হযুঁজ, বুলবুলি চৰাইৰ যুঁজ চলি আহিছিল। কিন্তু ২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি সকলো ধৰণৰ জীৱ-জন্তুৰ দৌৰ, যুঁজ নিষিদ্ধ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...