চিন্তিত স্বাস্থ্য বিভাগ, মালিগাঁও কেন্দ্ৰীয় বিদ্যালয়, নুমলীগড় DPS আৰু বিমানবন্দৰত কভিডৰ সংহাৰ

গুৱাহাটীৰ মালিগাঁও কেন্দ্ৰীয় বিদ্যালয়ত কৰ’নাৰ সংক্ৰমণ। বিদ্যালয়খনৰ ৭জন আক্ৰান্ত হৈছে ক’ভিডত। ইয়াৰে ৪জন শিক্ষক আৰু ৩জন ছাত্ৰ আক্ৰান্ত হৈছে ক’ভিডত। ইতিমধ্যে বিদ্যালয়খনত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ক’ভিড আক্ৰান্তসকলক ভৰ্তি কৰোৱা হৈছে GMCHত। ইফালে, নুমলীগড় NRLৰ DPSত কৰ’নাৰ সংক্ৰমণ। কৰ’নাত আক্ৰান্ত বিদ্যালয়খনৰ অধ্যক্ষগৰাকী। শীতৰ বন্ধৰ পিছত ৪ জানুৱাৰীত খুলিছিল বিদ্যালয়। মঙলবাৰে বিদ্যালয়ত ক’ভিড প্ৰতিষেধকো প্ৰদান কৰা হৈছিল ছাত্ৰ-ছাত্ৰীক। আনহাতে, বহিঃ ৰাজ্যৰ পৰা অহা বহুজনৰ দেহত ক’ভিড সংক্ৰমণ। বৰঝাৰ বিমানবন্দৰত ২৯জন ক’ভিড পজিটিভ। বহিঃৰাজ্যৰ বিমান যাত্ৰীৰ দেহত ক’ভিড পজিটিভ। চিন্তিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...