উদ্ভাৱক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ

এইবাৰ যৌন শোষণৰ অভিযোগ উত্থাপিত হৈছে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ৰাজ্যৰ এজন বিজ্ঞানী তথা উদ্ভাৱক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে। লখিমপুৰৰ এটা শিশু গৃহৰ পৰা আনি এগৰাকী কিশোৰীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে উদ্ধৱ ভৰালীৰ বিৰুদ্ধে। যোৱা ১৭ ডিচেম্বৰত ৰুজু হৈছিল গোচৰ। ২৮ ডিচেম্বৰতে অন্তৱৰ্তী জামিন লাভ কৰে অভিযুক্ত বিজ্ঞানীজনে। POCSO আইনৰ অধীনত ৰুজু কৰা গোচৰৰ কেচ ডায়েৰী অহা ৭ জানুৱাৰীত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে ২০২০ৰ আগষ্টত লখিমপুৰৰ এটা শিশু গৃহৰ পৰা এবছৰৰ বাবে এগৰাকী কিশোৰীক তুলি লৈছিল ভৰালীয়ে। কিন্তু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো নৱীকৰণ কৰা হোৱা নাছিল এই কিশোৰীগৰাকীৰ গ্ৰহণ চুক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...