৫৪ বছৰ বয়সত HS চূড়ান্ত পৰীক্ষাত বহিব শিক্ষা মন্ত্ৰীয়ে

এই বছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব শিক্ষা মন্ত্ৰী। ক’ভিড সংক্ৰমিত হোৱাৰ বাবে যোৱা বৰ্ষত অৱতীৰ্ণ হোৱাৰ কথা আছিল যদিও পৰীক্ষা দিব নোৱাৰিলে। যাৰ বাবে এই বৰ্ষত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। নিয়মীয়া ছাত্ৰৰ দৰে ৫৪ বছৰ বয়সত একেলগে পৰীক্ষাত বহিব। পঢ়া-শুনা বা শিক্ষা আহৰণৰ বাবে কোনো বয়স নাই। এই কথাকে প্ৰমাণ কৰি দেখুৱাব খুজিছে শিক্ষা মন্ত্ৰী জাগৰণথ মহতোৱে। ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰীগৰাকীৰ কাৰ্যই দেশজুৰি লাভ কৰিছে চৰ্চা।


২০২১ বৰ্ষত পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণ কৰিছিল, কিন্তু কভিড সংক্ৰমণৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে। ৫৪ বছৰীয়া জাগৰণথ মহতো দুমৰী বিধানসভা সমষ্টিৰ ঝাৰখণ্ড মুক্তি মৰ্চা দলৰ বিধায়ক। জাগৰণথ মহাতো এজন মেট্ৰিক উত্তীৰ্ণ বিধায়ক। শিক্ষা মন্ত্ৰীগৰাকীৰ মতে তেওঁৰ বয়স কি সেয়া গুৰুত্বপূৰ্ণ নহয়, পঢ়া-শুনাৰ কোনো বয়স নাই। এই বছৰ মই মধ্যৱৰ্তী পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰিছোঁ। আন্তঃ মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে মন্ত্ৰীগৰাকীৰ ৰাঁচীৰ বাসগৃহত উপস্থিত হৈ প্ৰপত্ৰখন পূৰণত সহায় কৰিছে।


২০২০ চনৰ আগষ্ট মাহত জাগৰণথ মহাটোৱে নিজৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাভাদিহ কলেজত কলা শাখাত নামভৰ্তি কৰিছিল। কিন্তু এমাহৰ পিছত কভিড সংক্ৰমিত হয়। লগে লগে বিমানেৰে উন্নত চিকিত্সাৰ বাবে চেন্নাইলৈ লৈ যোৱা হৈছিল। প্ৰায় ৯ মাহ ধৰি চলি থকা সফল হাঁওফাঁও সংৰোপণ আৰু চিকিৎসাৰ পিছত ঝাৰখণ্ডলৈ উভতি আহে। তাৰ পিছত শিক্ষা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে আৰু লাহে লাহে সামাজিক কাম-কাজ আৰু বিভাগৰ কাম-কাজসমূহ আগবঢ়াই নিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...