এশ গৰু মাৰিলে বাঘৰো…দীর্ঘদিনে প্ৰৱঞ্চনা কৰি পলাতক হৈ থকা জয়ন্ত কুমাৰ দাস জালত

মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত প্ৰৱঞ্চক। দীর্ঘদিনে বাহন সংক্ৰান্তীয় প্ৰবঞ্চনা কৰি পলাতক হৈ আছিল জয়ন্ত কুমাৰ দাস। শেহতীয়াকৈ প্ৰবঞ্চনাৰ বলি হৈ পলাশবাৰীৰ এহাল দম্পতীয়ে বশিষ্ঠ থানাত ৰুজু কৰিছিল এটা গোচৰ। ৪০৬/৪২০/৩৭৯ ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা প্ৰৱঞ্চকজনক আটক কৰিবলৈ সক্ষম হয়।


২০১৮ চনত গুৱাহাটীৰ সৰুসজাইত থকা জয়ন্ত কুমাৰ দাসৰ ৰামধুত আৰ্থমুভাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা ক্ৰয় কৰিছিল এখন এছকেভেটৰ। পৰৱৰ্তী সময়ত প্ৰবঞ্চকজনে প্ৰতি মাহে ৩ লাখ টকা দিয়াৰ চুক্তিত ভাড়ালৈ লয় এছকেভেটৰখন। তাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল প্ৰবঞ্চকজন।

আনহাতে, সৰুসজাইৰ সেই ডীলাৰটো সম্প্ৰতি বন্ধ কৰি দিছে প্ৰবঞ্চকজনে। বহুকেইটা গাড়ী চুৰি চক্ৰৰ লগতো জড়িত আছে বুলি সন্দেহ আৰক্ষীৰ। ত্ৰিপুৰাৰ এই প্ৰবঞ্চকজনৰ নাগালেণ্ড, ত্ৰিপুৰাতো ডীলাৰ আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে প্ৰবঞ্চকজনক জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...