কভিডৰ বাবে এসপ্তাহলৈ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ

দৈনিক ইখনৰ পিছত সিখন বিদ্যালয়ত কভিডৰ জাল। এইবাৰ ৭ দিনলৈ বন্ধ আন এখন বিদ্যালয়। নলবাৰীৰ পানীগাওঁস্থিত দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰী ক’ভিডত আক্ৰান্ত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত এসপ্তাহলৈ বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। ৭ দিন ধৰি বিদ্যালয় বন্ধ ৰখাৰ কথা জনালে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক প্ৰকাশ বৰ্মনে। কভিডত আক্ৰান্ত হোৱাৰ পিছতে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। কণ কণ শিশুৰ যিহেতু ভেক্সিনেচন এতিয়াও হোৱা নাই, যাৰ বাবে আতংকিত হৈ পৰিছে অভিভাৱকসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...