কভিডৰ বাবে এসপ্তাহলৈ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ

দৈনিক ইখনৰ পিছত সিখন বিদ্যালয়ত কভিডৰ জাল। এইবাৰ ৭ দিনলৈ বন্ধ আন এখন বিদ্যালয়। নলবাৰীৰ পানীগাওঁস্থিত দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰী ক’ভিডত আক্ৰান্ত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত এসপ্তাহলৈ বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ। ৭ দিন ধৰি বিদ্যালয় বন্ধ ৰখাৰ কথা জনালে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক প্ৰকাশ বৰ্মনে। কভিডত আক্ৰান্ত হোৱাৰ পিছতে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই। কণ কণ শিশুৰ যিহেতু ভেক্সিনেচন এতিয়াও হোৱা নাই, যাৰ বাবে আতংকিত হৈ পৰিছে অভিভাৱকসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...