কৃষকৰ সন্তান IIT গুৱাহাটীৰ ছাত্ৰলৈ ২.০৫ কোটিৰ দৰমহা

দৰিদ্ৰ পৰিয়ালৰ পৰা আহি আকাশ চোৱাৰ সপোন পূৰণ হ’ল ৰোহিত নেগীৰ। নিজৰ একাগ্ৰতা আৰু মেধাৰ বলত লোভনীয় চাকৰিৰ সুযোগ লাভ কৰিলে ৰোহিতে। জ্ঞান আৰু প্ৰজ্ঞাৰ স্থল গুৱাহাটী IITলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰজনে। উত্তৰাখণ্ডৰ ৰোহিত নেগী অতি দৰিদ্ৰ পৰিয়াল তথা কৃষকৰ সন্তান। দেউতাকে কৃষি কৰ্মৰে কোনোমতে পৰিয়াল পোহপাল দিছিল। নিজৰ সামৰ্থ্য অনুসৰি ছাত্ৰজনক আগবঢ়াই দিবলৈ চেষ্টা কৰিছিল দেউতাকে। ৰোহিতৰ ভগ্নীয়ে বৰ্তমানে এগৰাকী নাৰ্ছৰূপে কৰ্মৰত। নিজৰ সীমিত সা-সুবিধাৰ মাজতো ধৈৰ্য আৰু প্ৰজ্ঞাৰ বলত সকলোকে চমক দেখুৱালে।

ৰোহিতে লাভ কৰিলে আন্তৰ্জাতিক কোম্পানী উবেৰৰ তৰফৰ পৰা আকৰ্ষণীয় দৰমহাসহ চাকৰি। ডেৰাডুনস্থিত প্ৰতিষ্ঠানটোৱে ২.০৫ কোটিৰ আকৰ্ষণীয় দৰমহাসহ চাকৰি প্ৰদান কৰিছে ৰোহিতক। এয়া দেশৰ প্ৰতিগৰাকী IIT ছাত্ৰৰ সপোন। প্ৰথমবাৰলৈ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰই ২ কোটিৰো অধিক টকাৰ দৰমহা লাভ কৰিব। সম্প্ৰতি উত্তৰ গুৱাহাটীস্থিত IITখনৰ এম টেকৰ ছাত্ৰ। কম্পিউটাৰ চাইঞ্চ এণ্ড টেকন’লজী বিষয়ৰ ছাত্ৰজনৰ সফলতাত গৌৰৱান্বিত IIT কৰ্তৃপক্ষ। পিতৃ-মাতৃ ভগ্নী সহ চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ ৰোহিত নেগী। নিজৰ ইপ্সিত সাফল্যৰ বাবে ৰোহীত নেগীয়ে IIT কৰ্তৃপক্ষ, পৰিয়াল আৰু সকলো শুভকাংক্ষীক জনালে ধন্যবাদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...