কৃষকৰ সন্তান IIT গুৱাহাটীৰ ছাত্ৰলৈ ২.০৫ কোটিৰ দৰমহা

দৰিদ্ৰ পৰিয়ালৰ পৰা আহি আকাশ চোৱাৰ সপোন পূৰণ হ’ল ৰোহিত নেগীৰ। নিজৰ একাগ্ৰতা আৰু মেধাৰ বলত লোভনীয় চাকৰিৰ সুযোগ লাভ কৰিলে ৰোহিতে। জ্ঞান আৰু প্ৰজ্ঞাৰ স্থল গুৱাহাটী IITলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰজনে। উত্তৰাখণ্ডৰ ৰোহিত নেগী অতি দৰিদ্ৰ পৰিয়াল তথা কৃষকৰ সন্তান। দেউতাকে কৃষি কৰ্মৰে কোনোমতে পৰিয়াল পোহপাল দিছিল। নিজৰ সামৰ্থ্য অনুসৰি ছাত্ৰজনক আগবঢ়াই দিবলৈ চেষ্টা কৰিছিল দেউতাকে। ৰোহিতৰ ভগ্নীয়ে বৰ্তমানে এগৰাকী নাৰ্ছৰূপে কৰ্মৰত। নিজৰ সীমিত সা-সুবিধাৰ মাজতো ধৈৰ্য আৰু প্ৰজ্ঞাৰ বলত সকলোকে চমক দেখুৱালে।

ৰোহিতে লাভ কৰিলে আন্তৰ্জাতিক কোম্পানী উবেৰৰ তৰফৰ পৰা আকৰ্ষণীয় দৰমহাসহ চাকৰি। ডেৰাডুনস্থিত প্ৰতিষ্ঠানটোৱে ২.০৫ কোটিৰ আকৰ্ষণীয় দৰমহাসহ চাকৰি প্ৰদান কৰিছে ৰোহিতক। এয়া দেশৰ প্ৰতিগৰাকী IIT ছাত্ৰৰ সপোন। প্ৰথমবাৰলৈ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰই ২ কোটিৰো অধিক টকাৰ দৰমহা লাভ কৰিব। সম্প্ৰতি উত্তৰ গুৱাহাটীস্থিত IITখনৰ এম টেকৰ ছাত্ৰ। কম্পিউটাৰ চাইঞ্চ এণ্ড টেকন’লজী বিষয়ৰ ছাত্ৰজনৰ সফলতাত গৌৰৱান্বিত IIT কৰ্তৃপক্ষ। পিতৃ-মাতৃ ভগ্নী সহ চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ ৰোহিত নেগী। নিজৰ ইপ্সিত সাফল্যৰ বাবে ৰোহীত নেগীয়ে IIT কৰ্তৃপক্ষ, পৰিয়াল আৰু সকলো শুভকাংক্ষীক জনালে ধন্যবাদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...