পাঁচ মহীয়া সন্তানক এৰি যোগ দিলে নেকি আলফা(স্বাঃ)ত? ২ পৰিয়ালৰ মাজত হাহাকাৰ।

উজনি অসমত আলফা (স্বাঃ)ই পুনৰ সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছে। বিগত কিছুদিনৰ পৰা তিনিচুকীয়া জিলাখনৰ লগতে উজনি অসমৰ পৰা বহু যুৱক-যুৱতী আলফা স্বাধীনলৈ গমন কৰাৰ তথ্য পোহৰলৈ আহিছে।

তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ ভিতৰুৱা ২নং তৰাণি গাঁৱৰ পৰা দুজন যুৱক বিগত ৩ দিনৰ পৰা সন্ধানহীন হৈ আছে।

২নং তৰাণি গাঁৱৰ চেপেট মৰাণ (বেজবৰ) ২২ বছৰীয়া পুত্ৰ মিণ্টু মৰাণ আৰু একেখন গাঁৱৰ স্বৰ্গীয় পিলিক মৰাণৰ ২২ বছৰীয়া পুত্ৰ পলাশ মৰাণ গাড়ী চলাবলৈ বুলি অৰুণাচললৈ ওলাই গৈছিল।

মঙলবাৰে পুৱা ৬ বজাতে ড্ৰাইভাৰ কামৰ বাবে ওলাই গৈছিল। কিন্তু আজি পৰ্যন্ত যুৱক দুজনৰ মোবাইল ফোন অফ হৈ থকাৰ লগতে যুৱক দুজনৰ সৈতে কোনো যোগাযোগ হোৱা নাই।

দুয়োজনৰেই পাঁচ মহীয়া আৰু ৪ বছৰীয়া দুটাকৈ সন্তান আছে । পৰিয়ালৰ লোকে যুৱক দুজন আলফা(স্বাঃ) ত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

সেনা-আৰক্ষীৰ এক গোপন সূত্ৰইও যুৱক দুজন আলফা(স্বাঃ)ত যোগদানৰ বাবে যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

যদিহে পলাশ মৰাণ আৰু মন্টু মৰাণ আলফা (স্বাঃ)লৈ গৈছে তেন্তে পুনৰ ঘৰলৈ ঘূৰি আহিবলৈ যুৱক দুজনৰ পৰিয়ালে আহ্বান জনাইছে।

জিলাখনৰ পৰা সঘন এনেদৰে নিষিদ্ধ সংগঠনলৈ যুৱক-যুৱতীৰ গমনে সচেতন লোকসকলক চিন্তিত কৰাৰ লগতে আৰক্ষী-প্ৰসাশনৰ নিষ্ক্ৰিয়তাকেই প্ৰমাণ কৰিছে ।

উল্লেখ্যে যে, কিছুদিন পূৰ্বেও আলফা(স্বাঃ)ত যোগ দিবলৈ গৈ এগৰাকী মহিলা আৰু ৩জন যুৱক আটক হৈছিল সেনা-আৰক্ষীৰ হাতত।

পৰিয়ালৰ মাজত হাহাকাৰ। আৰক্ষীয়ে এইপৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...