নতুন শিক্ষানীতিৰ আনুষ্ঠানিক নিৰ্দেশনা প্ৰকাশ অসম চৰকাৰৰ; কি কি আছে নতুন শিক্ষা নীতিত?

অহা শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত প্ৰৱৰ্তন হ’ব নতুন শিক্ষানীতি। অহা বছৰৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া শিক্ষাবৰ্ষত নতুন শিক্ষানীতি অনুসৰি পাঠদান হ’ব। নতুন শিক্ষানীতিৰ আনুষ্ঠানিক নিৰ্দেশনা প্ৰকাশ অসম চৰকাৰৰ। ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিবে অসমৰ স্কুলীয়া শিক্ষা ব্যৱস্থা পুনৰ গঠন কৰিছে। আনুষ্ঠানিকভাৱে জাননী প্ৰকাশ কৰি অসমৰ স্কুলীয়া শিক্ষা 10+2 ব্যৱস্থাৰ পৰিৱৰ্তে 5+3+3+4 ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। এই অনুসৰি প্ৰথম তিনিবছৰ বুনিয়াদী শিক্ষা ৰূপে পৰিচিত হ’ব। বুনিয়াদী শিক্ষাত প্ৰাক প্ৰাথমিক আৰু প্ৰথম, দ্বিতীয় শ্ৰেণী থাকিব। দ্বিতীয় পৰ্যায়ত প্ৰস্তুতি শিক্ষা নামেৰে পৰিচিত হ’ব। প্ৰস্তুতি পৰ্যায়ত ৩য়, ৪ৰ্থ আৰু পঞ্চম শ্ৰেণী থাকিব। এই দুয়োটা ব্যৱস্থা প্ৰাথমিক শিক্ষাৰ অধীনত থাকিব। তৃতীয় পৰ্যায়ত মাধ্যমিক শিক্ষা ৰূপ পৰিচিত হ’ব। মাধ্যমিক শিক্ষাত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী অন্তৰ্ভূক্ত হ’ব। ৪ৰ্থ পৰ্যায় উচ্চ মাধ্যমিক ৰূপে পৰিচিত হ’ব আৰু মাধ্যমিক তথা উচ্চ মাধ্যমিক পৰ্যায় দুটা স্কুল শিক্ষা সঞ্চালকায়লৰ অন্তৰ্গত হ’ব। উচ্চ মাধ্যমিক পৰ্যায়ত নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণী অন্তৰ্ভুক্ত হ’ব। ইপিনে অংগনৱাড়ী কেন্দ্ৰসমূহ স্কুলৰ সৈতে বুনিয়াদী পৰ্যায়ত সংযোগ কৰাৰ বিষয়ে এখন কমিটী গঠন কৰিব। এই কমিটীয়ে অংগনৱাড়ী শিক্ষাৰ অন্তৰ্ভুক্তি সন্দৰ্ভত প্ৰতিবেদন দিব। নতুন ব্যৱস্থা প্ৰশাসনিকভাৱে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা আৰু পাঠ্যক্ৰম বৰ্ষ হিচাপে ২০২২-২৩ শিক্ষাবৰ্ষ অৰ্থাৎ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...